নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাক সংসদ ভৱনৰ পৰাই চুৰি সাংসদ–সাংবাদিকৰ জোতা

🔹 নামাজ পঢ়ি খালী ভৰিৰে উভতিব লগা হ’ল সংসদ ভৱনলৈ : অস্বস্তিত চৰকাৰ

বিশেষ বাৰ্তা, ২৫ এপ্রিল : পাকিস্তানৰ সংসদ ভৱনত সংঘটিত হ’ল নজিৰবিহীন ঘটনা৷ সংসদৰ চৌহদৰ পৰাই চুৰি হ’ল সাংসদসকলৰ জোতা–চেণ্ডেল৷ শুকুৰবাৰে নামাজ চলা সময়তে এই ঘটনা সংঘটিত হ’ল৷ নামাজ শেষ হোৱাৰ পাছত খালী ভৰিৰে খোজ কাঢ়িব লগা হ’ল সাংসদ তথা সাংবাদিকসকলে৷ এই ঘটনাৰ খবৰ পোহৰলৈ অহাৰ লগে লগে তীব্র অস্বস্তিৰ মুখত পৰিছে পাক চৰকাৰ৷ সংসদ ভৱনৰ নিশ্ছিদ্র নিৰাপত্তা বেহু ভেদ কৰি কেনেদৰে চোৰে প্রৱেশ কৰিলে, তাক লৈ বিভিন্ন মহলত প্রশ্ণ উত্থাপন হৈছে৷ পাকিস্তানৰ সংসদ ভৱনৰ চৌহদতে আছে এটা মছজিদ৷ সাংসদ, সাংবাদিক তথা সংসদৰ ভৱনৰ কর্মীসকলে সেই মছজিদত নামাজ পঢ়ে৷ যোৱা শুকুৰবাৰেও নিয়মমাফিক নামাজ পঢ়িবলৈ গৈছিল সকলোৱে৷ কিন্তু ভক্তিভাবেৰে প্রার্থনা কৰি অহাৰ পাছতে সাংসদ আৰু সাংবাদিকসকলৰ চকু কপালত উঠে৷ মছজিদৰ সন্মুখত থকা কমপক্ষেও ২০ যোৰ জোতা আৰু কেইবাযোৰো চেণ্ডেল চোৰে লৈ উধাও হৈছে৷ গতিকে জোতা আৰু চেণ্ডেল অবিহনেই সাংসদ আৰু সাংবাদিকসকলৰ বহুতেই খালী ভৰিৰে সংসদলৈ উভতিব লগা হ’ল৷ এনে চৌর্যবৃত্তিৰ সন্মুখীন হোৱাৰ পাছত ক্ষোভত ফাটি পৰে সাংসদসকল৷ কিন্তু চোৰৰ কোনো শুংসূত্র উলিয়াব নোৱাৰিলে নিৰাপত্তাৰক্ষীয়ে৷ তীব্র চাপৰ সন্মুখীন হৈ এই ঘটনাৰ তদন্তৰ নির্দেশ দিছে পাক সংসদৰ অধ্যক্ষই৷

You might also like