নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোন বৰ্ষত দুবাৰকৈ ৰমজান পালন হ’ব জানেনে, কেই বছৰৰ মূৰত ঘটে এনে বিৰল পৰিঘটনা

বিশেষ বাৰ্তা, ২২ এপ্ৰিলঃ ইছলাম ধৰ্মাৱলম্বীসকলৰ পৱিত্ৰ ৰমজান মাহ চলি আছে। এইখিনিতে এটা আচৰিত লগা খবৰ জনাই থওঁ। বছৰত সাধাৰণতে এবাৰেই ৰমজান মাহৰ ৰোজা পালন কৰা হয় যদিও ইছলামৰ হিজৰী কেলেণ্ডাৰ হিচাপত ২০৩০ চনত দুবাৰকৈ ৰমজান পালন কৰিব লাগিব ইছলামসকলে। এই পৰিঘটনা ১৯৯৭ চনতো এবাৰ ঘটিছিল। এজন বিখ্যাত চৌদি জ্যোতিষশাস্ত্ৰবিদে টুইটাৰত জনাইছে এই কথা। তেওঁ জনোৱা মতে, উক্ত বৰ্ষত ৰমজানৰ ৰোজা মাহ এবাৰ জানুৱাৰীত আৰু আনটো বছৰৰ শেষত ডিচেম্বৰত পালন হ’ব। উল্লেখনীয় যে, এনে পৰিঘটনা প্ৰতি ৩৩ বছৰৰ মূৰে মূৰে পুনৰাবৃত্তি ঘটে। ১৯৬৫ চনত, ১৯৯৭ চনৰ পাছত ২০৩০ চনত তেনে হ’ব। আচলতে জৰ্জিয়ান কেলেণ্ডাৰ পৃথিৱীয়ে সূৰ্যক কেন্দ্ৰ কৰি ঘূৰাক লৈ গননা হয় যদিও ইছলামৰ হিজৰী কেলেণ্ডাৰখন গননা হয় চন্দ্ৰক কেন্দ্ৰ কৰিহে।

You might also like