নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্রাই ডে’ত উজানবজাৰত মুকলিকৈ সুৰা বিক্রী

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ আজি অনুষ্ঠিত হোৱা গুৱাহাটী পৌৰ নিগমৰ নির্বাচনৰ বাবে কামৰূপ মহানগৰ জিলা প্রশাসনে বুধবাৰে বিয়লি ৪.৩০ বজাৰ পৰা ড্রাই ডে’ ঘোষণা কৰিছিল৷ মহানগৰ প্রশাসনৰ নির্দেশনা উলংঘাৰে স্থানীয় আৰক্ষী আৰু আবকাৰী বিভাগৰ একাংশ অসাধু বিষয়াক মেনেজ কৰি এটা চক্রই ড্রাই ডে’ত মুকলিকৈ বিলাতী সুৰা বিক্রী কৰি আহিছে৷

বিশেষকৈ উজানবজাৰত ড্রাই ডে’ত কালি পুৱতি নিশালৈকে মুকলিকৈ সুৰা বিক্রী কৰাক লৈ অঞ্চলটোৰ ৰাইজে ক্ষোভ প্রকাশ কৰিছে৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, কামৰূপ সদৰ আবকাৰী বিভাগ আৰু লতাশিল থানাৰ একাংশ অসাধু বিষয়াক মেনেজ কৰি ৰামনাথ আৰু বেলৰ নেতৃত্বত বছৰৰ পিছত বছৰ ধৰি উজানবজাৰত অবৈধ সুৰাৰ বেহা চলি আহিছে৷ ড্রাই ডে’ৰ সুযোগ লৈ বুধ আৰু বৃহস্পতিবাৰে উজানবজাৰত পুৱতি নিশালৈকে ৰামনাথ আৰু বেলে অবৈধ সুৰাৰ বেহা চলাই নিশাটোৰ ভিতৰতে লাখ লাখ টকাৰ সুৰা বিক্রী কৰে৷ ৰাজভৱনৰ কাষতে ৰামনাথ আৰু বেলে অবৈধ সুৰাৰ মুকলি বেহা চলাই অহাৰ পিছতো কামৰূপ সদৰ আবকাৰী বিভাগে ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰি আহিছে৷

পৌৰ নিগমৰ নির্বাচনৰ মাজতে ড্রাই ডে’ত আৰক্ষী আৰু আবকাৰী বিষয়াৰ পৃষ্ঠপোষকতাত উজানবজাৰত বেল আৰু ৰামনাথে মুকলিকৈ সুৰাৰ ব্যৱসায় চলাই অহা বিষয়টো সন্দর্ভত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই কি পদক্ষেপ গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like