নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাজাৰ হাস্পতালত নিৰীহৰ গণকবৰ

🔹 হাত–ভৰি বন্ধা ২৮৩টা মৃতদেহ উদ্ধাৰ : নিৰপেক্ষ তদন্ত দাবী ৰাষ্ট্রসংঘৰ

বিশেষ বাৰ্তা, ২৫ এপ্রিল : ইজৰাইলৰ হিংস্র সামৰিক অভিযানত ইতিমধ্যে মৃত্যুপুৰীত পৰিণত হৈছে গাজা ভূখণ্ড৷ পেলেষ্টাইনী সশস্ত্র সংগঠন হামাছক নিঃশেষ কৰাৰ নামত গাজা ভূখণ্ডত ধাৰাবাহিক বোমাবর্ষণ আৰু ক্ষেপণাস্ত্র নিক্ষেপ কৰি ইজৰাইলে এতিয়ালৈকে প্রায় ৩৫ হাজাৰ লোকৰ প্রাণ লৈছে৷ নিহত পেলেষ্টাইনী লোকসকলৰ অধিকসংখ্যকেই হৈছে শিশু আৰু মহিলা৷ শেহতীয়াকৈ গাজাৰ নাছেৰ আৰু আল–ছিফা হাস্পতাল চৌহদত গণকবৰ উদ্ধাৰ হোৱা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ ইতিমধ্যে এই দুয়োখন হাস্পতাল ইজৰাইলৰ বোমাবর্ষণত ধ্বংস হৈছে৷ আনকি ইজৰাইলী স্থলসেনাই এই হাস্পতাল দুয়োখনত দীর্ঘদিন ধৰি সামৰিক অভিযান চলাই হামাছৰ ঘাটি থকা বুলি দাবী কৰিছিল৷ শেহতীয়াকৈ নাছেৰ হাস্পতালত উদ্ধাৰ হোৱা গণকবৰত পোৱা গৈছে ২৮৩টা মৃতদেহ৷ এই মৃতদেহসমূহৰ অধিকসংখ্যকৰে হাত–ভৰি বন্ধা অৱস্থাত আছে৷ তাৎক্ষণিকভাৱে ইজৰাইলী সেনাই এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰা বুলি অভিযোগ কৰিছে পেলেষ্টাইনে৷ অৱশ্যে ইজৰাইলৰ সেনাই এই অভিযোগ ভিত্তিহীন বুলি উল্লেখ কৰিছে৷ এই নিৰীহ পেলেষ্টাইনী লোকসকলক কোনে হত্যা কৰিলে তাক লৈ বিভিন্ন মহলত সৃষ্টি হৈছে সন্দেহ৷ কাৰণ হামাছে গাজা ভূখণ্ডৰ পেলেষ্টাইনী নাগৰিকসকলক মানৱ ঢাল সজালেও এনেদৰে হত্যা কৰিব বুলি মানি লোৱা নাই বিভিন্ন সংস্থাই৷ ইতিমধ্যে ৰাষ্ট্রসংঘৰ তৰফৰ পৰা এই গণকবৰ উদ্ধাৰ হোৱা ঘটনাক লৈ নিৰপেক্ষ তদন্তৰ দাবী উত্থাপন কৰা হৈছে৷ পেলেষ্টাইনস্থিত ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ কার্যালয়ৰ মুৰব্বীয়ে উল্লেখ কৰিছে যে হাস্পতাল চৌহদত উদ্ধাৰ হোৱা গণকবৰত মৃতদেহবোৰৰ হাত–ভৰি বন্ধা অৱস্থাত পোৱা গৈছে৷ এই কাম ইজৰাইলী সেনাৰ বাহিৰে অন্য কোনোৱে কৰা নাই বুলিও দাবী কৰিছে ৰাষ্ট্রসংঘৰ বিষয়ববীয়া অজিত ছাংঘেই৷ লক্ষণীয়ভাৱে আল–ছিফা হাস্পতালতো অনুৰূপ গণকবৰ উদ্ধাৰ হোৱা বুলি একাংশ পেলেষ্টাইনী বিষয়াই দাবী কৰিছে৷ দুয়োখন হাস্পতালত কেইবাসপ্তাহ ধৰি সামৰিক অভিযান চলাইছিল ইজৰাইলে৷ আনকি হাস্পতালত আশ্রয় লোৱা নিৰীহ লোক, ৰোগী তথা চিকিৎসা কর্মীসকলৰ ওপৰত আতিশয্য চলোৱাৰ অভিযোগো উঠিছিল ইজৰাইলৰ বিৰুদ্ধে৷

You might also like