নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুশান্তৰ ডায়েৰী ধূমপান এৰি ভগ্ণীৰে সময় কটোৱাৰ ইচ্ছাৰ কথা কৰিছিল লিপিবদ্ধ

 নিয়মীয়া বাৰ্তা ১৯ ছেপ্টেম্বৰঃ  অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ ভেদ উদ্ঘাটন কৰিব পাৰিবনে তিনিটাকৈ কেন্দ্রীয় তদন্তকাৰী সংস্থাই? চি বি আয়ে অভিনেতা সুশান্তৰ গার্ল ফ্রেইণ্ড ৰিয়া চক্রৱর্তীকে ধৰি এইমছৰ চিকিৎসক–মুম্বাই আৰক্ষীক সোধা–পোছা কৰাৰ সমান্তৰালকৈ নার্ক’টিকছ কণ্ড্র’ল ব্যুৰ’ৱে (এন চি বি) ইতিমধ্যে ৰিয়াকে ধৰি কেইবাজনক গ্রেপ্তাৰ কৰিছে৷ ৰিয়া চক্রৱর্তীৰ স্বীকাৰোক্তিৰ ভিত্তিত মুম্বাই আৰু গোৱাত ড্রাগ্ছ মাফিয়া–ড্রাগ্ছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে৷ আনপিনে ৰিয়াৰ স্বীকাৰোক্তিৰ ভিত্তিতে বলীউডৰ অভিনেত্রী ছাৰা আলী খানকে ধৰি ২০জনক নিৰীক্ষণত ৰখাই নহয়, চমন জাৰি কৰিবলৈ যো–জা চলাইছে৷ আজি এন চি বিৰ এটা দলে সুশান্ত সিং ৰাজপুতৰ গোচৰত সংপৃক্ত ড্রাগ্ছ গোচৰত ৰাহিল বিশ্রাম নামৰ ড্রাগ্ছ সৰবৰাহকাৰী এটাক গ্রেপ্তাৰ কৰিছে৷ এন চি বিৰ মতে, ৰাহিল বলীউডৰ সৈতে প্রত্যক্ষভাৱে জড়িত আছিল৷ ইয়াৰ উপৰি অভিযানত এন চি বিয়ে মুম্বাইৰ পৰা পাঁচজন সন্দেহযুক্ত ড্রাগছ সৰবৰাহকাৰীক আটক কৰিছে৷ আটকাধীন ড্রাগ্ছ সৰবৰাহকাৰীৰ পৰা ১ কেজি গাঞ্জা আৰু ৪ লাখ নগদ টকা জব্দ কৰিছে৷ আনপিনে উত্তৰ প্রদেশ আৰু বিহাৰতো এন চি বিৰ এটা দলে অভিযান চলাইছে৷ তিনিটা স্থানত অভিযান চলাই ২,৭৯৫ কেজি আফিং জব্দ কৰাৰ লগতে ১৭জনক গ্রেপ্তাৰ কৰিছে৷ বলীউডত ড্রাগ্ছ সেৱনক লৈ দেশজুৰি আলোড়ন চলি থকাৰ সময়তে চিত্র নির্মাতা কৰণ জোহৰৰ পার্টীত বলীউডৰ ৰথী–মহাৰথীয়ে ড্রাগ্ছত আসক্ত হোৱাৰ ভিডি’অ এটা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে৷ এই ভাইৰেল ভিডি’অটো তদন্ত কৰিব এন চি বিয়ে৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা কৰণ জোহৰৰ পার্টীৰ ভিডি’অটো প্রকৃত নে ভুৱা, তাক লৈ তদন্ত চলাব এন চি বিয়ে৷ উল্লেখ্য যে চলিত মাহৰ প্রাম্ভতে শিৰোমণি আকালি দলৰ (এছ এ ডি) নেতা মজিন্দৰ সিং ছিৰছাই বলীউডৰ চিত্র নির্মাতা কৰণ জোহৰ, অভিনেত্রী দীপিকা পাডুকন, মালাইকা অৰোৰা, অভিনেত অর্জুন কাপুৰ, ছাহিদ কাপুৰ, বিকী কৌশল, বৰুণ ধাৱন আৰু আন কেইবাজনো তাৰকাই পার্টীত ড্রাগ্ছ সেৱন কৰে বুলি অভিযোগ দাখিল কৰিছিল৷ এছ এ ডিৰ নেতাগৰাকীয়ে এন চি বিৰ মুৰব্বী ৰাকেশ আস্থানাক সাক্ষাৎ কৰি এই সন্দর্ভত বলীউডৰ পার্টীত ড্রাগ্ছ চলে বুলি অৱগত কৰিছিল৷

You might also like