নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাৰ বিৰোধিতা ক্ষুব্ধ কংগ্রেছীৰ

নিয়মীয়া বাৰ্তা ১৯ ছেপ্টেম্বৰঃ  সাংসদ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰে মিত্রতাক কেন্দ্র কৰি ৰাজ্যৰ প্রধান বিৰোধী দল কংগ্রেছত আৰম্ভ হোৱা বিদ্রোহ, ক্ষোভ, অসন্তুষ্টি এতিয়াও অব্যাহত আছে৷ সম্প্রতি বিষয়টো নিখিল ভাৰত কংগ্রেছ কমিটীৰ অধ্যক্ষা ছোনিয়া গান্ধীৰ টেবুল পাইছে৷ অসম প্রদেশ কংগ্রেছ কমিটীৰ পেডত একাংশ কংগ্রেছীয়ে কালি কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীলৈ প্রেৰণ কৰা এখন পত্রত কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাৰ প্রক্রিয়া বন্ধ ৰাখিবলৈ দাবী জনায়৷ অসম প্রদেশ কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক, প্রাক্তন মন্ত্রী মহিবুল হক, প্রদেশ কংগ্রেছৰ সদস্য, প্রাক্তন বিধায়ক আলী আকবৰ মিঞা আৰু ড০ ইদ্রিছ আলীয়ে ছিনিয়ৰ মাইন’ৰিটী কংগ্রেছ লীডার্ছ ৰিটয়াৰিং কমিটীৰ হৈ ছোনিয়া গান্ধীলৈ দিয়া পত্রখনত অতি স্পষ্টভাৱে কয় যে যদিহে দলে এ আই ইউ ডি এফৰে মিত্রতা কৰে, তেতিয়াহ’লে কংগ্রেছে অহা বিধানসভা নির্বাচনত হিন্দু বেল্টৰ ৯০ শতাংশ আসন হেৰুৱাব৷ ২০২১ চনত অসমত কংগ্রেছ দলে চৰকাৰ গঠন কৰিব নোৱাৰিব৷ পত্রখনত উল্লেখ কৰা অনুসৰি ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত ৩৪টা সমষ্টি মুছলমান সম্প্রদায় অধ্যুষিত৷ ইয়াৰ বিপৰীতে ৯২টা সমষ্টি হিন্দু ভোটাৰ অধ্যুষিত৷ এ আই ইউ ডি এফ দল হৈছে মুছলমান সম্প্রদায়ক লৈ গঠন কৰা সাম্প্রদায়িক দল৷ তদুপৰি মুছলমান সম্প্রদায়ৰ ওচৰত এ আই ইউ ডি এফৰ শক্তি, প্রভাৱ যথেষ্ট পৰিমাণে হ্রাস পাইছে৷ ফলত ২০১৯ চনত অনুষ্ঠিত লোকসভা নির্বাচনত এ আই ইউ ডি এফ দলে পূর্বতে তেওঁলোকৰ দখলত থকা দুখনকৈ আসন হেৰুৱাবলগীয়া হয়৷ আনকি এ আই ইউ ডি এফৰ দখলত থকা ১৪টা বিধানসভা সমষ্টিৰ ভিতৰত ১০টাতে তেওঁলোকে আধিপত্য হেৰুৱাব৷ লোকসভা নির্বাচনৰ দৰে ২০১৮ চনত অনুষ্ঠিত পঞ্চায়ত নির্বাচনতো এ আই ইউ ডি এফ দলে সফলতাৰ মুখ দেখিবলৈ সক্ষম হোৱা নাছিল৷ পত্রখনত কংগ্রেছ নেতাকেইজনে কয় যে হিন্দু বেল্টৰ ভোটাৰসকলে এ আই ইউ ডি এফ দলক পছন্দ নকৰে৷ সেয়ে এ আই ইউ ডি এফৰে কংগ্রেছে মিত্রতা কৰিলে হিন্দু বেল্টৰ সমষ্টিসমূহৰ ৯০ শতাংশ আসনেই কংগ্রেছে হেৰুৱাব লাগিব৷

You might also like