নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫৫ লাখৰ চুপাৰি দি হত্যা কৰা হৈছিল কিন্নৰ একতা যোশীক, দিল্লীত চাঞ্চল্য

নিয়মীয়া বাৰ্তা, ১৩ এপ্ৰিলঃ এগৰাকী কিন্নৰক হত্যা কৰাৰ বাবে দিয়া হৈছিল ৫৫ লাখ টকাৰ চুপাৰি আৰু ভাৰাতীয়া হত্যাকাৰীয়ে ৭টা বুলেটেৰে কিন্নৰগৰাকীৰ শেষ যাত্ৰা নিশ্চিত কৰিছল।

চিনেমা যেন লগা এই হত্যাকাণ্ড সংঘটিত হৈছিল যোৱাবৰ্ষৰ ৫ ছেপ্টেম্বৰত আৰু যোৱা ১১ এপ্ৰিলত পেছাদাৰী হত্যাকাৰী দুগৰাকী আৰক্ষীৰ জালত পৰাৰ পিছত ৫৫ লাখ চুপাৰি লোৱাৰ তথ্য পোহৰলৈ আহে।

এই ঘটনা দেশৰ ৰাজধানী দিল্লীৰ। দিল্লীৰ জিটিবি এনক্লেভ নিবাসী কিন্নৰ একতা যোশী আছিল এই দুৰ্ভগীয়া কিন্নৰগৰাকী। কিন্নৰ গুৰু অনিতা যোশীৰ উত্তৰাধিকাৰী ৰূপে একতা যোশী নিৰ্বাচিত হোৱাক লৈ ঈৰ্ষান্বিত হৈ কিন্নৰৰ এটা দলে একতা যোশীক হত্যাৰ বাবে ৫৫ লাখৰ চুপাৰি দিছিল।

দিল্লীস্থিত জিটিবি এনক্লেভত ১০ কোটি মূল্যৰ কোঠাত বাস কৰিছিল একতা যোশী। আছিল দেহৰক্ষী আৰু দামী গাড়ী। দিল্লীৰ যমুনাপাৰ এলেকাৰ বৰঙণি তোলাক লৈ আন এটা ফৈদৰ সৈতে মনোমালিন্যও চলি আছিল একতা যোশীৰ আৰু তেওঁৰ সতীয়া মাতৃ অনিতা যোশীৰ।

একতা যোশীক বাটৰ পৰা আঁতৰাবলৈ সেয়ে আশ্ৰয় লৈছিল ভাৰাতীয়া হত্যাকাৰী গেংষ্টাৰ গগন পণ্ডিতৰ। বৰুণ নামৰ আন এগৰাকী অপৰাধীক লগত লৈ গেংষ্টাৰ গগনে একতা যোশীক ৫ ছেপ্টেম্বৰত জিটিবি এনক্লেভৰ গেটত গুলীয়াই হত্যা কৰিছিল।

প্ৰাসাদোপম ঘৰ, দামী গাড়ীৰে বিলাসী জীৱন কটোৱা কিন্নৰ গুৰু তথা নেতৃত্বৰ মাজত ক্ৰমশঃ বৃদ্ধি পোৱা অৰ্থলালসাৰ ফল আছিল এই হত্যাকাণ্ড। ৫৫ লাখৰ চুপাৰি, কিন্নৰ গুৰুৰ বিলাসী জীৱন আদি কথাই এতিয়া দিল্লীজুৰি চাঞ্চল্য সৃষ্টি কৰিছে।

You might also like