নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘জয় শ্ৰীৰাম’ শ্ল’গান দিয়া বাবেই বিজেপি কৰ্মীক প্ৰহাৰ; পশ্চিম বংগত উত্তেজনা…

নিয়মীয়া বাৰ্তা ১৩ এপ্ৰিলঃ ৮ টা পৰ্যায়ত অনুষ্ঠিত হৈ থকা পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ ইতিমধ্যে চাৰিটা পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হৈছে। ব্যাপক হিংসা আৰু সংঘৰ্ষৰ মাজেৰে ৰাজ্যখনৰ এই ভোটগ্ৰহণ চলি থকাৰ মাজতে পুনৰ ‘জয় শ্ৰীৰাম’ শ্ল’গানক কেন্দ্ৰ কৰি সৃষ্টি হৈছে হিংসা।

অভিযোগ অনুসৰি, ‘জয় শ্ৰীৰাম’ শ্ল’গান দিয়াৰ বাবেই বিজেপি সমৰ্থকসকলক প্ৰহাৰ কৰা হৈছিল। ইপিনে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ দাবীত বিজেপি কৰ্মীয়ে মঙলবাৰে ৰাতিপুৱা ৰাজাৰহাট-অমৰাহাটি পথ অৱৰোধ কৰে।

ঘটনাটো সোমবাৰে নিশা সংঘটিত হৈছিল। অমৰাহাটিৰ বিজেপি সমৰ্থকৰ এটা দল গংগাৰ পানী আনিবলৈ গৈছিল। তেতিয়াই ৰাজপথত ‘জয় শ্ৰীৰাম’ শ্ল’গান দিয়াত দুৰ্বৃত্তৰ এটা দলে তেওঁলোকক আক্ৰমণ কৰিছিল।

বিজেপিৰ দাবী যে অভিযুক্তজন তৃণমূল কংগ্ৰেছৰ। তাৰপাছতে তেওঁলোকে স্থানীয় আৰক্ষীৰ ওচৰত এটা অভিযোগ দাখিল কৰে।

You might also like