নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রসংঘৰ কার্যালয়ত বন্দুকধাৰীৰ উপস্থিতিক কেন্দ্র কৰি চাঞ্চল্য

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ  আমেৰিকাৰ নিউয়র্কস্থিত ৰাষ্ট্রসংঘৰ মুখ্য কার্যালয়ৰ সমীপত এক বন্দুকধাৰীৰ উপস্থিতিক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ অৱশ্যে এই বন্দুকধাৰীয়ে কোনোধৰণৰ অঘটন ঘটোৱাৰ পূর্বেই আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সক্ষম হয়৷ অভিযুক্ত লোকজনক তাৎক্ষণিকভাৱে গ্রেপ্তাৰ কৰে আৰক্ষীয়ে আৰু লোকজনৰ পৰা এটা শ্বট গান বাজেয়াপ্ত কৰে৷ বৃহস্পতিবাৰে দুপৰীয়া বন্দুকধাৰী লোকজনক ৰাষ্ট্রসংঘৰ কর্মীয়ে দেখাৰ লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় যদিও আৰক্ষীয়ে লোকজনক গ্রেপ্তাৰ কৰাৰ লগে লগে সকলোৱে স্বস্তিৰ নিশ্বাস পেলায়৷ স্মর্তব্য যে বন্দুকধাৰী লোকজনে ৰাষ্ট্রসংঘৰ কার্যালয়ৰ সমীপত আত্মহত্যাৰ চেষ্টা চলাইছিল বুলি একাংশ প্রত্যক্ষদর্শীয়ে সংবাদ মাধ্যমক জনাইছে৷

You might also like