নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইএমএফৰ নতুন দায়িত্বত গীতা গোপীনাথ

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ আন্তর্জাতিক মুদ্রা নিধি (আইএমএফ)ৰ মুখ্য অর্থনীতিবিদ ভাৰতীয় মূলৰ আমেৰিকান গীতা গোপীনাথে সংস্থাটোৰ প্রথম উপ–পৰিচালন সঞ্চালক হিচাপে পদোন্নতি লাভ কৰিছে৷ আইএমএফৰ তৰফৰ পৰা কালি সদৰী কৰা হৈছে এই তথ্য৷ আগন্তুক বর্ষৰ প্রথম ভাগত এই পদৰ দায়িত্বভাৰ গ্রহণ কৰিব গীতা গোপীনাথে৷ বিদায়ী উপ–পৰিচালন সঞ্চালক জিউফ্রী ওকাম’ট’ৰ স্থলাভিষিক্ত হ’ব গীতা গোপীনাথ৷ স্মর্তব্য যে ২০২২ চনৰ জানুৱাৰীত হার্ভার্ড বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ দায়িত্বলৈ উভতি অহাৰ কথা আছিল গীতা গোপীনাথ৷ আইএমএফৰ মুখ্য বিজ্ঞানী হিচাপে গোপীনাথক তিনি বছৰৰ বাবে দায়িত্ব দিয়া হৈছিল৷ কিন্তু নতুন দায়িত্ব লাভৰ বাবে হার্ভার্ডলৈ গোপীনাথ উভতি অহাৰ ক্ষেত্রত অনিশ্চয়তাৰ সৃষ্টি হৈছে৷

You might also like