নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৩২ বছৰৰ মূৰত ২ মেচৰ টেষ্ট শৃংখলাত ৪ পৃথক অধিনায়ক

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ সুদীর্ঘ ১৩২ বছৰৰ মূৰত প্রথমবাৰৰ বাবে দুখন মেচৰ টেষ্ট শৃংখলাত চাৰিগৰাকী অধিনায়কক দেখিবলৈ পোৱা গ’ল৷ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা দ্বিতীয় তথা অন্তিম টেষ্টত বিৰাট কোহলি আৰু টম লাথামে অধিনায়কৰ ৰূপত খেলপথাৰত নমাৰ লগে লগে এই মেচখন ইতিহাসৰ পাতত সন্নিৱিষ্ট হয়৷

উল্লেখ্য যে প্রথম টেষ্টত আজিংক্য ৰাহানেই ভাৰতক আৰু কেন উইলিয়ামছনে নিউজিলেণ্ডক নেতৃত্ব দিছিল৷ কিন্তু বিশ্রাম সামৰি দললৈ উভতি অহা কোহলিয়ে আজি টীম ইণ্ডিয়াৰ নেতৃত্বৰ দায়িত্ব পুনৰ গ্রহণ কৰে৷ কোহলিৰ প্রত্যাৱর্তন প্রত্যাশিত আছিল যদিও নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছন আঘাতপ্রাপ্ত হোৱাত টম লাথামে অপ্রত্যাশিতভাৱে দ্বিতীয় টেষ্টত আলহী দলটোৰ নেতৃত্ব লাভ কৰে৷ দুখন মেচৰ টেষ্ট শৃংখলাত এইদৰে চাৰিগৰাকী পৃথক অধিনায়কে দায়িত্ব লাভ কৰাৰ পৰিঘটনা ইয়াৰ পূর্বে ১৮৮৯ চনত অন্তিমবাৰৰ বাবে দেখিবলৈ পোৱা গৈছিল৷ ইংলেণ্ডে দক্ষিণ আফ্রিকাৰ মাটিত দুখন মেচৰ টেষ্ট শৃখলা খেলাৰ সময়ত চাৰিগৰাকী পৃথক অধিনায়কে খেলপথাৰত নামিছিল৷

You might also like