নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তীব্রবেগী জলাধাৰৰ ধ্বংসলীলা ডেৰ শতাধিকৰ মৃত্যুৰ আশংকা

উত্তৰাখণ্ডৰ চামোলিত হিমবাহ ভাগি জলপ্রলয়

নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ দেওবাৰে শীতৰ সেমেকা পুৱাতেই উত্তৰ প্রদেশৰ পাহাৰ আবৃত্ত চামোলি জিলাত বানে বিভীষিকা সৃষ্টি কৰিলে৷ যোশীমঠত নন্দাদেৱী হিমবাহৰ এটা অংশ ভাঙি পৰাৰ ফলতেই এই বর্ণনাতীত প্রাকৃতিক দুর্যোগ সংঘটিত হয়৷ বিস্ফোৰণৰ প্রচণ্ড শব্দৰ পাছতেই ঋষিগংগা, ঢ়ৌলিগংগা আৰু অলকানন্দা নদীৰে তীব্র বেগেৰে নামি আহে জলাধাৰ৷ নদীৰ দুয়োপাৰে থকা ঘৰ আৰু গছ–গছনি উটুৱাই লৈ যায় এই অস্বাভাৱিক বানে৷ তিনিওখন নদীৰ জলপৃষ্ঠ মুহূর্তৰ ভিতৰতে ওফন্দি প্লাৱন সৃষ্টি কৰাত বহু লোকে আত্মৰক্ষাৰ কোনো সুযোগেই নাপালে৷ শেহতীয়া খবৰ মতে, এইপর্যন্ত ১০জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে৷ আনহাতে, ১৫০জনৰ পৰা ২০০জন লোক সন্ধানহীন হৈ আছে৷ আশংকা কৰা হৈছে যে বানত মৃত্যু হোৱা লোকৰ সংখ্যা ডেৰ শতাধিক হ’ব পাৰে৷ ইতিমধ্যে উত্তৰাখণ্ডৰ মুখ্য সচিব ওম প্রকাশে সন্ধানহীন লোকসকলৰ মৃত্যু হোৱা বুলি আশংকা প্রকাশ কৰিছে৷ হিমবাহ ভঙাৰ ফলত প্রথমেই ব্যাপক ক্ষয়–ক্ষতি হয় ঋষিগংগা জলবিদ্যুৎ প্রকল্পত৷ প্রকল্পটোত কর্মৰত শ্রমিকসকলৰ বেছিভাগেই আত্মৰক্ষাৰ সুযোগেই নাপালে৷ ক্ষুদ্র জলবিদ্যুৎ প্রকল্পটোৰ অৱশিষ্টৰ মাজত প্রায় ১৫০জন শ্রমিক আবদ্ধ হৈ থকা বুলি সন্দেহ কৰা হৈছে৷ তীব্রবেগী জলাধাৰে এন টি পি চিৰ এটা শক্তি প্রকল্পৰো ক্ষতি কৰে৷ অৱশ্যে ঘটনাৰ পাছতে নামনি অঞ্চলত এন ডি আৰ এফে তৎপৰতাৰে অভিযান চলাই কেইবাহাজাৰ লোকক উদ্ধাৰ কৰা বুলি মুখ্যমন্ত্রী ত্রিবেন্দ্র সিং ৰাৱটে জানিবলৈ দিয়ে৷

আৰক্ষীৰ লগতে সেনা আৰু আই টি বি পিৰ দলেও উদ্ধাৰ অভিযানত ক্ষিপ্রতাৰে নামি পৰিছে৷ মুখ্যমন্ত্রী ৰাৱটে নিজেই চামোলিত উদ্ধাৰ অভিযানৰ তদাৰক কৰি আছে৷ এই ভয়ংকৰ ধ্বংসলীলাই ২০১৩ চনৰ ডাৱৰ বিস্ফোৰণ আৰু কালান্তক বানৰ দুঃসহ স্মৃতি ওভতাই আনিলে৷ সেইবাৰ জুন মাহত বানৰ তাণ্ডৱ সৃষ্টি হোৱাৰ বিপৰীতে এই শীতে বিদায় লোৱাৰ পূর্বেই অচম্বিতে হিমবাহ ভাঙি জলত্রাস সৃষ্টি হয়৷ নন্দাদেৱীৰ হিমস্খলনে মুহূর্ততে সৃষ্টি কৰা পানীৰ ধল তীব্র বেগেৰে নামি আহে৷ নিশা পর্যন্ত তিনিওখন নদীৰ জলপৃষ্ঠ দ্রুতগতিত বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিত্বত সমগ্র অঞ্চলজুৰি ৰেড এলার্ট জাৰি কৰা হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মুখ্যমন্ত্রী ৰাৱটৰে ফোনযোগে বার্তালাপ কৰি পৰিস্থিতিৰ বুজ লোৱাৰ পাছতে কয় যে সমগ্র দেশ উত্তৰাখণ্ডৰ সৈতে আছে৷ উদ্ধাৰকার্য আৰু পৰিস্থিতিৰ প্রতিমুহূর্ততে বুজ লৈ থকা বুলিও টুইটাৰত কয় মোদীয়ে৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহেও মুখ্যমন্ত্রী ৰাৱটৰ সৈতে যোগাযোগত আছে৷ উদ্ধাৰ অভিযান তীব্রতৰ কৰাৰ বাবে অধিক সেনা, এন ডি আৰ এফৰ দল প্রেৰণ কৰা হ’ব বুলি গৃহমন্ত্রীজনে টুইটাৰত উল্লেখ কৰে৷ ইপিনে এই প্রাকৃতিক দুর্যোগত মৃত্যু হোৱা লোকৰ নিকটাত্মীয়লৈ উত্তৰাখণ্ড চৰকাৰে ৪ লাখ টকাৰ সাহায্য ঘোষণা কৰিছে৷ প্রধানমন্ত্রীৰ সাহায্য নিধিৰ পৰাও ২ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰা হৈছে৷ তদুপৰি গুৰুতৰভাৱে আহতসকলক ৫০ হাজাৰ টকাৰ ক্ষতিপূৰণ প্রদান কৰিব প্রধানমন্ত্রীৰ সাহায্য নিধিৰ পৰা৷
দুঃসাহসিক উদ্ধাৰ অভিযান
আই টি বি পি আৰু এন ডি আৰ এফৰ দলে আতংকৰ মাজতে এন টি পি চিৰ শক্তি প্রকল্প আৰু ঋষিগংগা জলবিদ্যুৎ প্রকল্পত দুঃসাহসিক উদ্ধাৰ অভিযান আৰম্ভ কৰে৷ এটা টার্নেলৰ মাজত আবদ্ধ হৈ থকা ১৬জন শ্রমিকক উদ্ধাৰকাৰী দলে জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ তপোবনত থকা শক্তি প্রকল্পটোৰ টার্নেলত বহুসংখ্যক শ্রমিক আবদ্ধ হৈ থকা বুলি অনুমান কৰি আই টি বি পিৰ জোৱানে তৎপৰতাৰে অভিযান চলায়৷ সম্পূর্ণৰূপে ভাঙি পৰা টার্নেলটো ইতিমধ্যে বোকা–মাটিয়ে ঢ়াকি পেলাইছিল৷ এটা সৰু গাঁত খান্দি আই টি বি পিৰ জোৱানে ৰছীৰ সহায়ত ধ্বংসপ্রাপ্ত টার্নেলটোত প্রৱেশ কৰি এজন এজনকৈ ১৬জন শ্রমিকক উদ্ধাৰ কৰে৷ আনহাতে, এন ডি আৰ এফে নদী–কাষৰীয়া গাঁওসমূহত উদ্ধাৰ অভিযান চলাই হাজাৰৰো অধিক লোকক নিৰাপদ স্থানলৈ নিবলৈ সক্ষম হয়৷ ডেৰাডুনৰ এটা আৰু নতুন দিল্লীৰ চাৰিটা এন ডি আৰ এফ দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান৷ গাজিয়াবাদৰ বায়ুসেনা ঘাটিৰ পৰাও এন ডি আৰ এফৰ আন চাৰিটা দলক চামোলিলৈ নিয়াৰ বাবে সাজু কৰা হৈছে৷ এছ ডি আৰ এফৰ চাৰিটা দলকো উদ্ধাৰ অভিযানত নিয়োজিত কৰা হৈছে৷ ১০০ সৈনিকৰ ছটা কোম্পানী প্রেৰণ কৰিছে সেনাই৷ নৌ সেনাৰ ৭টা ডাইভিং টীমকো প্রেৰণৰ যো–জা চলোৱা হৈছে৷ উদ্ধাৰ অভিযানত নিয়োজিত কৰা হৈছে বায়ু সেনাৰ হেলিকপ্ঢাৰ, সেনাৰ চি–১৩০ আৰু এ এন–৩২ বিমান৷ ক্ষতিগ্রস্ত অঞ্চললৈ চিকিৎসক আৰু চিকিৎসা কর্মীৰ কেইবাটাও দল প্রেৰণ কৰা হৈছে৷ চামোলিত উপস্থিত ইঞ্জিনীয়াৰিং টাস্ক ফ’চৰ এটা দলো৷
জলবায়ু পৰিৱর্তনৰ বাবেই অস্বাভাৱিক হিমস্খলন
পৰিৱেশ বিজ্ঞানীসকলে চামোলিৰ হিমস্খলনৰ ঘটনাক ‘বিৰল প্রাকৃতিক পৰিঘটনা’ বুলি অভিহিত কৰিছে৷ গৱেষক–বিজ্ঞানী ড০ অঞ্জল প্রকাশে কয় যে প্রাথমিক তথ্যৰ আধাৰত চামোলিৰ ঘটনা জনবায়ু পৰিৱর্তনৰ ফলতেই সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে৷ তেওঁ কয় যে হিমালয়ৰ হিমবাহসমূহত জলবায়ু পৰিৱর্তনৰ প্রভাৱ স্পষ্ট৷ আই পি চি চিৰ এক বিশেষ প্রতিবেদনত এই বিষয়ে উল্লেখ কৰা হৈছে৷ হিমালয়ৰ কিছুমান অঞ্চলত পনীয়া বৰফৰ হিমস্খলনৰ ঘটনা মাজে মাজে ঘটি থকা বুলিও প্রতিবেদনখনত উল্লেখ আছে৷ প্রকাশে কয় যে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত হিমবাহসমূহত পর্যায়ক্রমে গলন অব্যাহত আছে৷ এইচ আই–মেপ শীর্ষক এক প্রতিবেদনৰ উদ্ধৃতি দি ড০ প্রকাশে কয় যে হিন্দুকুশ হিমালয় অঞ্চলত উষ্ণতা শেহতীয়াকৈ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে৷ হিমালয়ৰ হিমবাহত গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত পুনৰ এনে ঘটনা সংঘটিত হোৱাৰ আশংকা বিজ্ঞানীজনে নুই কৰা নাই৷

You might also like