নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যসমূহলৈ কেন্দ্রৰ সকীয়নিঃ অপচয় কৰিলে নাপাব ভেকচিন ড’জৰ আবণ্টন

নিয়মীয়া বাৰ্তা, ৯ জুনঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে  দেশবাসীক সম্বোধন কৰি নতুন ভেকচিন নীতি ঘোষণা কৰাৰ পিছত এইবাৰ কেন্দ্রীয় চৰকাৰে ‘ইছ ৱান পে ৱান’ আঁচনিৰ পৰিকল্পনা কৰিছে৷ দুখীয়াৰ কাৰণে ক’ভিড–১৯ ভেকচিন  পুঁজিৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰে শীঘ্রে ঘোষণা কৰিব ‘ইছ ৱান পে ৱান’ আঁচনি৷

চৰকাৰী শীর্ষসূত্রই প্রকাশ কৰা মতে, ‘ইছ ৱান পে ৱান’ আঁচনিৰ জৰিয়তে চৰকাৰে যিসকল লোকে ভেকচিনৰ পৰা ধন আদায় দিব বিচাৰে, কিম্বা যিসকলে ভেকচিন ড’জৰ কাৰণে ধন আদায় কৰিবলৈ সক্ষম, তেনে লোকসকলৰ পৰা পুঁজি সংগ্রহ কৰিব৷ অর্থাৎ এনে লোকসকলৰ জৰিয়তে দুখীয়া লোকৰ কাৰণে ভেকচিনৰ পুঁজি গঠন কৰিব৷ দুখীয়াৰ কাৰণে ভেকচিন অভিযানেৰে পুঁজি সংগ্রহৰ লক্ষ্যৰে নতুন আঁচনি বলৱৎ কৰি চৰকাৰে জনতাৰ মাজত ই–ভাউচাৰ মুকৰি কৰিব৷ এই ই–ভাউচাৰৰ জৰিয়তে ইচ্ছুক লোকে আন কোনো লোকক ভেকচিন প্রদানত সহায় কৰিব পাৰিব৷ পৰিচিত ব্যক্তি, সহায়ক তথা কর্মচাৰীৰ কাৰণে যিকোনো ব্যক্তিয়ে এই ই–ভাউচাৰ ক্রয় কৰিব পাৰিব৷ এই ই–ভাউচাৰ লৈ গৈ কোনো ব্যক্তিয়ে যিকোনো হাস্পতালত ভেকচিন ল’ব পাৰিব৷ এই ভাউচাৰ যিজন লোকৰ নামত থাকে তেওঁহে ব্যৱহাৰ কৰিব পাৰিব৷ আন কাকো হস্তান্তৰ কৰিব নোৱাৰিব৷ এজন ব্যক্তিয়ে কিমানখন ই–ভাউচাৰ ক্রয় কৰিব পাৰিব তাৰ কোনো সীমা নাথাকিব৷ কেন্দ্রীয় চৰকাৰে এই আঁচনিৰ জৰিয়তে চৰকাৰী চিকিৎসালয়ৰ বোজা হ্রাস কৰাৰ লগতে টিকাকৰণ অভিযান ক্ষিপ্রতৰ কৰি তুলিব পাৰিব বুলি ধাৰণা কৰিছে৷

ইপিনে, মঙলবাৰে প্রধানমন্ত্রী মোদীয়ে ঘোষণা কৰা নতুন ভেকচিন নীতিৰ সংশোধিত ৰূপ  নির্দেশনাযোগে জাৰি কৰি ৰাজ্য চৰকাৰসমূহক কেন্দ্রীয় চৰকাৰে সকীয়নি দিছে৷ কোনো ৰাজ্যই যদি ভেকচিনৰ অপচয় কৰে, তেতিয়াহ’লে তেনে ৰাজ্যত ভেকচিনৰ আবণ্টনৰ ক্ষেত্রত নেতিবাচক প্রভাৱ পৰিব৷ অর্থাৎ আবণ্টন হ্রাস পাব পাৰে৷

উল্লেখ্য যে ৰাজ্যৰ জনসংখ্যা, মহামাৰীৰ বোজা আৰু টিকাকৰণৰ আগবঢ়া তথ্যৰ আধাৰত ভেকচিন আবণ্টন দিব কেন্দ্রই৷ ইপিনে কেন্দ্রীয় চৰকাৰে ব্যক্তিগত চিকিৎসালয়ৰ বাবে ভেকচিনৰ মূল্য নির্ধাৰণ কৰি দিছে৷ এই নির্ধাৰিত মূল্যত কৰ–সেৱা মূল্য অন্তর্ভুক্ত হৈ আছে৷ ব্যক্তিগত চিকিৎসালয়ে ক’ভিশ্বীল্ডত ৭৮০, ক’ভাক্সিন ১,৪১০টকা আৰু ৰাছিয়াৰ স্পুটনিক ভিৰ মূল্য ১,১৪৫টকা ল’ব পাৰিব৷

You might also like