নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগ্ন মহিলাৰ ভিডিঅ’ কল, প্রৱঞ্চিত চিকিৎসক

🔹 চাইবাৰ জালত ভৰি দি হেৰুৱালে ৯ লাখ টকা

বিশেষ বাৰ্তা, ৯ মার্চ : চাইবাৰ জগতত যৌনতাৰ জাল ক্রমাৎ ভয়াৱহ হৈ পৰিছে৷ এইবাৰ এই যৌনতাৰ জালত ভৰি দি দিল্লী নিৱাসী ৭১ বছৰীয়া এগৰাকী চিকিৎসকে হেৰুৱাবলগীয়া হ’ল ৯ লাখ টকা৷ ৰাজস্থানৰ পৰা গ্রেপ্তাৰ কৰা হৈছে দুই অভিযুক্তক৷ দীর্ঘদিন ধৰি এই দুই অভিযুক্তই চিকিৎসকগৰাকীক ব্লেকমেইল কৰি আহিছিল৷ দুই অভিযুক্তই মুঠ ৯ লাখ টকা চিকিৎসকগৰাকীৰ পৰা আদায় কৰা বুলি আৰক্ষী সূত্রই সদৰী কৰিছে৷ অভিযোগ অনুসৰি, এদিন মাজনিশা চিকিৎসকগৰাকীৰ ফোনত এটা ভিডিঅ’ কল আহে৷ ফোন ৰিচিভ কৰাৰ লগে লগে চিকিৎসকগৰাকীয়ে বিবস্ত্র এগৰাকী মহিলাক দেখিবলৈ পায় স্ক্রীনত৷ মহিলাগৰাকীৰ সৈতে চিকিৎসকগৰাকীৰ বার্তালাপ হয়৷ এই বার্তালাপ ৰেকৰ্ড কৰি দুই অভিযুক্তই চিকিৎসকগৰাকীক ব্লেকমেইল কৰি ৯ লাখ টকা সৰকায়৷

You might also like