বিশেষ বাৰ্তা, ১২ মেঃ প্ৰতিদিনে যেন ফেশ্বনৰ ক্ষেত্ৰত সাহসিকতাৰ নতুন সংজ্ঞা লিখিছে উৰ্ফি জাভেদে। হিন্দী টেলিভিছন জগতত অভিনয়ৰ সুবাদত তেওঁক যিমানে চিনি পায়, উৰ্ফি তাতকৈ বেছি পৰিত নিজৰ ফেশ্বন ছেন্সৰ বাবেহে। এনেকৈয়ে জনপ্রিয়তা অর্জন কৰিছে তৰুণী অভিনেত্রীয়ে। এইবাৰ কেমেৰাৰ সন্মুখত এনে এক পোছাকত ধৰা দিলে উৰ্ফিয়ে, যি দেখি সকলো আচৰিত-অবাক। কোনো ধৰণৰ পেন্টি নিপিন্ধি কেমেৰাৰ সম্মুখত ধৰা দিলে এই অভিনেত্ৰীয়ে।
Mermaid ?♀️ is here ? #urfijaved pic.twitter.com/fHGIRwKIgC
— Urfi (@Urfi7javed) May 11, 2022
শেহতীয়াকৈ সমুদ্র তীৰত উৰ্ফিৰ ফটো ভাইৰেল হৈছে। তাতে দেখা গৈছে খুবেই স্বল্প পোছাক। ঊর্ধ্বাংগ আবৃত কেৱল বিকিনিৰে। সেই বক্ষ বন্ধনীৰো বিশেষত্ব আছে। শামুকৰ আকাৰত তৈয়াৰ কৰা হৈছে সেই বিকিনি। দেহৰ ওপৰৰ পিনৰ চমকৰ পাছত তলৰ অংশত কোনো পেণ্টি পিন্ধা নাই উৰ্ফিয়ে। মাত্ৰ এখন গোলাপী ৰঙৰ পাতল ফিৰফিৰিয়া ওৰণি এখন। ওৰণিখনো ইমানেই পাতল যে সেয়েৰে একো ঢাকিব নোৱাৰি। উৰ্ফিৰ এই পোছাকক লৈ ছ’চিয়েল মিডিয়াত সমালোচনাৰ জ্বৰ উঠিছে। কোনোৱে আনকি ধৰ্মকলৈও অভিনেত্ৰীগৰাকীক কটাক্ষ কৰিছে।