নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাহী মেজিক! দক্ষিণৰ ছবিত এইবাৰ প্ৰাক্তন ক্ৰিকেট অধিনায়ক ধোনি

বিশেষ বাৰ্তা, ১২ মেঃ এখন চিনেমা হিট, সকলো মামলা ফিট- এয়া এম এছ ধোনিৰ ক্ষেত্রত খুব সুন্দৰকৈ প্রযোজ্য। কাৰণ ‘এম এছ ধোনি, দ্য আনটোল্ড ষ্টোৰী’ত তেওঁ পর্দাত অভিনয় নকৰাৰ পাছতো তেওঁৰ নামৰ কৰিশ্মাতে বক্স অফিচত আলোড়নৰ সৃষ্টি হৈছিল। ধোনিৰ জীৱন আধাৰিত ছবিখনত তেওঁৰ চৰিত্ৰত প্রয়াত সুশান্ত সিং ৰাজপুতে দূৰ্দান্ত অভিনয় কৰিছিল। তাৰ পাছত নিজেই এটা ছবি প্রডাকশ্বন হাউছ খুলি পেলাইছে ‘মাহী’য়ে। যিটোৰ দায়িত্বত আছে পত্নী সাক্ষী সিং ধোনি।
এইবাৰ পোনে কলীউডত ভৰি থ’বলৈ ওলাইছে কিংবদন্তি ক্ৰিকেট তাৰকাই। জুন-জুলাই মাহতেই চিনেমাৰ কাম আৰম্ভ হ’ব। ধোনিৰ বিপৰীতে অভিনয় কৰিব নামী দক্ষিণী অভিনেত্ৰী নয়নতাৰাই। তেওঁ শ্বাহৰুখ খানৰ বিপৰীতেও কাম কৰিছে। ধোনিৰ চিনেমা প্রেম নতুন নহয়। তেওঁৰ লগত চিত্র তাৰকাসকলৰো ভাল সম্পর্ক। কেৱল সেয়াই নহয়, ক্রিকেটৰ এটা অনুষ্ঠানত ধোনিয়ে কিং খানৰ সৈতেও মঞ্চ ভাগ কৰিছিল।

You might also like