নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুটিনে কিয় ক’লে ইউক্ৰেইনে আত্মসমৰ্পণ কৰক

বিশেষ বাৰ্তা, ৭ মাৰ্চঃ ইউক্ৰেইনী প্ৰশাসনক আত্মসমৰ্পণ কৰিবলৈ দিহা দিলে ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে। যুদ্ধবিধ্বস্ত দেশখনৰ ৰাজধানী চহৰ কিয়েভ যদিও ৰাছিয়াই দখল কৰিবলৈ সক্ষম হোৱা নাই তাৰ পাছতো অদম্য হৈ আছে ৰুছ সামৰিক বাহিনী। এখনৰ পাছত আনখন ডাঙৰ চহৰ ৰাছিয়াই দখল কৰিবলৈ লৈছে। যাৰ বাবে এতিয়ালৈ ১.৫ নিযুত লোকে দেশখন এৰি আন ৰাষ্ট্ৰলৈ পলাইছে। যুদ্ধবিৰতি ভংগ কৰি ৰাছিয়াই ধাৰাবাহিক আক্ৰমণ চলাই থকাৰ ফলত মাৰিউপ’ল চহৰৰ পৰা সাধাৰণ নাগৰিকক উলিয়াব পৰা সম্ভৱ হোৱা নাই। বহুসংখ্যক লোক এতিয়াও বোমা-বাৰুদৰ মাজত আৱদ্ধ হৈয়ে আছে। আনহাতে, আজি তৃতীয় লানিৰ আলোচনাত বহা কথা আছে দুয়োখন দেশৰ প্ৰতিনিধিৰ।

You might also like