নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰিয়াখানাৰ ছটা গঁড় প্রতিপালনৰ দায়িত্ব ল’লে আইঅ’চিয়ে

নিয়মীয়া বাৰ্তা, ৭ মাৰ্চঃ ভাৰতীয় তৈল নিগমে গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানৰ ৬টা এশিঙীয়া গঁড়ৰ প্রতিপালনৰ দায়িত্ব গ্রহণ কৰিছে৷ অসম ৰাজ্যিক চিৰিয়াখানা চৌহদত অনুষ্ঠিত এক অনুষ্ঠানত ভাৰতীয় তৈল নিগমৰ অধ্যক্ষ এছ এম বৈদ্যই ৬টাকৈ এশিঙীয়া গঁড়ৰ এবছৰৰ প্রতিপালনৰ ব্যয় হিচাপে চিৰিয়াখানাৰ এ চি এফ ডাঃ প্রিয়াশা শইকীয়াক ৬ লাখ টকাৰ চেক প্রদান কৰে৷ এই অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় তৈল নিগমৰ সঞ্চালক (পাইপ লাইন) ডি এছ নানাৱাডে, গুৱাহাটী শোধনাগাৰৰ কার্যবাহী সঞ্চালক তথা শোধনাগাৰ মুৰব্বী এছ পি সিং, ভাৰতীয় তৈল নিগমৰ এ অ’ ডি ৰাজ্যিক কার্যালয়ৰ কার্যবাহী সঞ্চালক তথা ৰাজ্যিক মুৰব্বী জি ৰমেশৰ লগতে দুয়োটা প্রতিষ্ঠানৰ বিষয়াবর্গ৷ প্রতিষ্ঠানটোৰ শুভংকৰ এশিঙীয়া গঁড়ৰ প্রতিপালনৰ দায়িত্ব গ্রহণ কৰা সন্দর্ভত বৈদ্যই কয়– অসমৰ সৈতে ভাৰতীয় তৈল নিগমৰ সম্পর্ক পুৰণি তথা গভীৰ৷ অসমৰ ডিগবৈত প্রথমে খাৰুৱা তেলৰ খনি আৱিষৃকত হৈছিল৷ ইয়াৰ পাছত ১৯০১ চনত প্রথমটো শোধনাগাৰ অসমত প্রতিষ্ঠা কৰা হৈছিল৷ লগতে অসমত ডিগবৈ, গুৱাহাটী আৰু নুমলীগড়কে ধৰি প্রতিষ্ঠানটোৰ তিনিটা শোধনাগাৰ আছে৷ গতিকে এই সম্পর্কৰ প্রতি সন্মান জনাই গঁড়ক প্রতিষ্ঠানটোৰ শুভংকৰ হিচাপে গ্রহণ কৰা হৈছিল৷

You might also like