কোন হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি? ভোটগণনাৰ LIVE খবৰ…
নিয়মীয়া বাৰ্তা, ৪ নৱেম্বৰঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগণনা চলি আছে। দুয়োগৰাকী প্ৰতিদ্বন্দ্বীৰ মাজত চলি আছে তুমুল প্ৰতিদ্বন্দ্বিতা। সমাপ্তিৰ দিশে গতি কৰিছে ভোটগণনা।
সন্ধিয়া ৬.২১ বজাঃ
আলাস্কা, জৰ্জিয়া, মিচিগান, নেভাদা, নৰ্থ কেৰোলিনা, পেনছিলভেনিয়া, উইছকনছিনত লিখা আছে জো বাইডেন আৰু ডনাল্ড ট্ৰাম্পৰ ভাগ্য। বিশেষজ্ঞৰ মতে, পেনছিলভেনিয়াত যদি ট্ৰাম্প জয়ী হয় তেন্তে পুনৰ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হ’ব পাৰে ট্ৰাম্প। ষ্টেটখনত এতিয়ালৈ ৬৪ শতাংশহে ভোটগণনা হৈছে, য’ত ট্ৰাম্প বহুখিনি ভোটত আগবাঢ়ি আছে।
জো বাইডেন– ২৩৮ ইলেক্টোৰেল ভোট (Arizona (১১), California (৫৫), Colorado (৯), Connecticut (৭), Delaware (৩), District of Columbia (৩), Hawaii (৪), Illinois (২০), Maine (৩)**, Maryland (১০), Massachusetts (১১), Minnesota (১০), Nebraska (১)*, New Hampshire (৪), New Jersey (১৪), New Mexico (৫), New York (২৯), Oregon (৭), Rhode Island (৪), Vermont (৩), Virginia (১৩), Washington (১২)- মুঠ- ২৩৮
ড’নাল্ড ট্ৰাম্প– ২১৩ ইলেক্টোৰেল ভোট Alabama (৯), Arkansas (৬), Florida (২৯), Idaho (৪), Indiana (১১), Iowa (৬), Kansas (৬), Kentucky (৮), Louisiana (৮), Mississippi (৬), Missouri (১০), Montana (৩), Nebraska (৪)*, North Dakota (৩), Ohio (১৮), Oklahoma (৭), South Carolina (৯), South Dakota (৩), Tennessee (১১), Texas (৩৮), Utah (৬), West Virginia (৫), Wyoming (৩) – মুঠ- ২১৩
১.৪৫ বজাঃ
টুইটযোগে দুয়োগৰাকী ৰাষ্ট্ৰপতিৰ টিপন্নী। ইয়াৰ মাজতে ট্ৰাম্পে উঠালে ভোট চুৰিৰ অভিযোগ। তাৰ মাজতে চলি আছে ভোটগণনা…
জো বাইডেন– ২৩৮ ইলেক্টোৰেল ভোট (মুঠঃ ৬,৬৯,৭৯,২৪৫)।
ড’নাল্ড ট্ৰাম্প– ২১৩ ইলেক্টোৰেল ভোট (মুঠঃ ৬,৫৩,০৩,২৬৪টা)।
১২.১২ বজাঃ
জো বাইডেন– ২২৪ ইলেক্টোৰেল ভোট (মুঠঃ ৬,৫০,৯২,৬৬১টা)।
ড’নাল্ড ট্ৰাম্প– ২১৩ ইলেক্টোৰেল ভোট (মুঠঃ ৬,৩৩,০০,৯৫০টা)।
১১.২৫ বজাঃ
জো বাইডেন ২২৩টা ভোটৰ সলনি ড’নাল্ড ট্ৰাম্পে পাইছে ১৭৪টা ভোট। উল্লেখ্য ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হোৱাৰ বাবে এগৰাকী প্ৰাৰ্থীয়ে ২৭০টা ভোট পোৱাটো বাঞ্ছনীয়। গতিকে বৰ্তমান ভোট গণনা হ’বলৈ বাকী থকা Arizona, Iowa, Georgia, Florida, Michigan, North Carolina, Ohio, Pennsylvania, Texas আৰু Wisconsinৰ ভোট দুয়োগৰাকীৰ বাবে গুৰুত্বপূৰ্ণ হৈ উঠিছে।