নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কংগ্রেছক ভোট দিয়া মানে ঔৰংগজেব-বাবৰক ভিটামিন দিয়া’

🔹 ৰাজস্থানত নির্বাচনী প্রচাৰ ড০ শর্মাৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ নৱেম্বৰ : বিজেপিৰ অন্যতম ষ্টাৰ কেম্পেইনাৰ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি ৰাজস্থানত নির্বাচনী প্রচাৰ চলায়৷ নির্বাচনী প্রচাৰ অভিযানত মুখ্যমন্ত্রী ড০ শর্মাই কংগ্রেছ দল আৰু ৰাজস্থানৰ মুখ্যমন্ত্রী অশোক গেহলটক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে হিন্দু আৰু ভাৰত জাগ্রত হ’লে আতংকবাদীসকল ভয়ত থাকে৷ আতংকবাদীয়ে দেশৰ সংসদ ভৱন আক্রমণ কৰাৰ পাছত তেতিয়াৰ কংগ্রেছ চৰকাৰে পাকিস্তানক সতর্কবাণী শুনাই আগলৈ তেনে কৰিলে কঠোৰ ব্যৱস্থা লোৱাৰ হুংকাৰ দিছিল৷ কিন্তু পাকিস্তানৰ পৰা আতংকবাদী আহি আছে৷ ২০১৪ চনত দেশত মোদী চৰকাৰ হয়৷ কিন্তু পাকিস্তানে কংগ্রেছৰ চৰকাৰ থকা বুলি ভাবিছিল আৰু পূর্বৰ দৰে আতংকবাদী আহি আছিল৷ ২০১৯ চনত মোদীয়ে যেতিয়া পাকিস্তানক ধামাকা দিলে, তাৰ পিছত ২০১৯ৰ পৰা ২০২৩ চনলৈ ভাৰতলৈ আতংকবাদী অহা নাই৷ ভাৰতত বোমা বিস্ফোৰণ কৰিবলৈ সাহস কৰা নাই৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে জম্মু–কাশ্মীৰৰ পৰা সংবিধানৰ পৰা ৩৭০ অনুচ্ছেদ প্রত্যাহাৰ কৰাৰ পাছত কংগ্রেছে হুলস্থূল হ’ব বুলি কৈছিল৷ কিন্তু কিবা হ’ল জানো? এটাই হৈছে কাশ্মীৰত শান্তি আহিছে৷ বিজেপিৰ আমোলত আতংকবাদীসকল নীৰৱে থাকিবলৈ বাধ্য হৈছে৷ নির্বাচনী সভাত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কংগ্রেছক এটা ভোট দিয়া মানে বাবৰ–ঔৰংগজেবক ভিটামিন দিয়া৷ সেয়ে ৰাজস্থানৰ জনসাধাৰণক কোনো পৰিস্থিতিতে কংগ্রেছক ভোট নিদিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই আহ্বান জনায়৷ কংগ্রেছ নেতা ৰাহুল গান্ধীক ক্ষুৰধাৰ সমালোচনা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যিজন ৰাহুল গান্ধীৰ নিজৰেই গেৰাণ্টী নাই, তেওঁ আনৰ গেৰাণ্টী কেনেকৈ ল’ব? পূর্বৰ নির্বাচনতো ৰাহুল গান্ধীয়ে ৰাজস্থানলৈ আহি বহু গেৰাণ্টী দিছিল৷ সেই গেৰাণ্টীৰ এটাও মুখ্যমন্ত্রী অশোক গেহলটে পূৰণ কৰিব নোৱাৰিলে৷ এতিয়া পুনৰ তেওঁ নতুন গেৰাণ্ঢী দিছে৷ গেৰাণ্টীৰ ক্ষেত্রত মানুহে ভালদৰে বুজে– পূর্বতে তেওঁলোকৰ কিবা খেলিমেলি আছিল বাবেই এতিয়া গেৰাণ্টী দিছে৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই পাকিস্তান–আফগানিস্তান আদিত শিৰশ্ছেদৰ ঘটনা সংঘটিত হৈ অহাৰ কথা উল্লেখ কৰি কয় যে ৰাজস্থানত কানহাইলাল নামৰ দর্জী এজনক শিৰশ্ছেদ কৰাৰ দৃশ্য ভিডিঅ’যোগে ভাইৰেল হোৱাৰ পাছতো ৰাজস্থান চৰকাৰে কোনো ব্যৱস্থা নল’লে৷ কিন্তু বিজেপিশাসিত ৰাজ্যত তেনে ঘটনা সংঘটিত হ’লে মুহূর্তৰ ভিতৰতে দোষীয়ে উচিত প্রত্যুত্তৰ পালেহেঁতেন৷ অসমত তেনে ঘটনা হ’লে ৫ মিনিটৰ ভিতৰতে ব্যৱস্থা ল’লেহেঁতেন৷ নির্বাচনী সমাৱেশত অশোক গেহলট চৰকাৰক তীব্র সমালোচনা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মাজতে মুখ্যমন্ত্রী গেহলটে ক’লে– শচীন পাইলট নিষ্কর্মা৷ কিন্তু যেতিয়া শচীন পাইলটে তেওঁৰ পক্ষলৈ ১৮–১৯জন দলীয় বিধায়কক লৈ গ’ল, লগে লগে অশোক গেহলটে বিধায়কসকলক ফাইভষ্টাৰ হোটেললৈ লৈ গ’ল আৰু হোটেলত কেইবাদিনো ৰাখি প্রত্যেককে কোটি কোটি টকাৰ প্রলোভন দিয়াৰ লগতে লুণ্ঠনৰ লাইচেঞ্চ দিলে৷ দলৰ প্রতিগৰাকী বিধায়ককে নিজ নিজ সমষ্টিৰ মুখ্যমন্ত্রী বুলি অভিহিত কৰি দুর্নীতি কৰাৰ সুযোগ দিলে৷ ফলত প্রত্যেকে লুণ্ঠনৰ প্রতিযোগিতাত নামি পৰে আৰু ৰাজস্থানত কোনো কাম নহ’ল৷ অসমত প্রতিলিটাৰ পেট্র’লৰ দাম ৯৮ টকা, কিন্তু ৰাজস্থানত প্রতিলিটাৰ পেট্র’লৰ দাম ১০৮ টকা৷ অর্থাৎ অসমৰ তুলনাত প্রতিলিটাৰ পেট্র’লৰ বিপৰীতে গেহলট চৰকাৰে ১০ টকা অধিক লৈ আছে৷ সকলো ক্ষেত্রতে ৰাজস্থানৰ জনসাধাৰণ বঞ্চনাৰ সন্মুখীন হৈ আহিছে৷ আনকি এবাৰ নিষ্কর্মা বুলি কোৱা শচীন পাইলটক পৰৱর্তী পর্যায়ত এতিয়া তেওঁলোক একেলগে আছে বুলি জাহিৰ কৰে৷ আসন্ন নির্বাচনত বিজেপিক ভোট দিবলৈ আহ্বান জনাই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অহা ১০ বছৰলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী ক্ষমতাত থাকিলে ভাৰতে চীন–আমেৰিকাতকৈও ওপৰত থাকিব৷ অহা ১০ বছৰত ভাৰত বিশ্বগুৰু হৈ যাব৷ গান্ধী পৰিয়ালকো তীব্র সমালোচনা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে দেশৰ এক নম্বৰ গাড্ডাৰ হৈছে গান্ধী পৰিয়াল৷ গান্ধী পৰিয়ালক গাড্ডাৰ কৰিলে ব্রহ্মা, বিষ্ণু, মহেশ্বৰেও আশীর্বাদ দিব৷ বিজেপিয়ে খোলাখুলিভাৱে হিন্দুৰ ৰাজনীতি কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে দেশত হিন্দুৰ তাৎপর্য হৈছে– সবকা সাথ, সবকা বিকাশ, সব ধর্ম, সমভাব, হিন্দু ভাৰতী৷ এনেক্ষেত্রত হিন্দুৰ ৰাজনীতি কৰাত সমস্যা কি?

You might also like