নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপ ফাইনেলত ভাৰতৰ প্রধানমন্ত্রী-অষ্ট্রেলিয়াৰ উপ–প্রধানমন্ত্রী

বিশেষ বাৰ্তা, ১৯ নৱেম্বৰ : আজি বিশ্বকাপৰ ফাইনেলত উপস্থিত থাকিব ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ তেওঁৰ লগতে এই হাইভল্টেজ ফাইনেলত আমন্ত্রিত অতিথি হিচাপে ভাগ ল’ব অষ্ট্রেলিয়াৰ উপ–প্রধানমন্ত্রী ৰিছার্ড মার্লছে৷ গুজৰাটৰ মুখ্যমন্ত্রী ভূপেন্দ্র পেটেলো উপস্থিত থাকিব৷ আহমেদাবাদ মেচৰ পূর্বে গুজৰাটৰ মুখ্যমন্ত্রীয়ে শুকুৰবাৰে এখন উচ্চ পর্যায়ৰ বৈঠকত নিৰাপত্তা, পৰিচ্ছন্নতা আৰু ট্রেফিক ব্যৱস্থাপনাৰ বিষয়ে বিস্তৃত পর্যালোচনা কৰে৷ উল্লেখ্য যে ফাইনেলত উপস্থিত থকাৰ বাবে আমন্ত্রণ জনোৱা হৈছে ইতিমধ্যে বিশ্বকাপ জয় কৰা দলসমূহৰ অধিনায়কসকলক৷ এই তালিকাত আছে কপিল দেৱৰ পৰা মহেন্দ্র সিং ধোনীলৈ৷ তেওঁলোকক এই অনুষ্ঠানতে সম্বর্ধনা জনোৱা হ’ব৷

ফাইনেল উপভোগ কৰিব অসমৰ মুখ্যমন্ত্রী ড০ শর্মাসহ বহু ভিভিআইপিয়েও

আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত আজি অনুষ্ঠিত হ’বলগীয়া মেগা ফাইনেল উপভোগ কৰিব দেশৰ অসংখ্য ৰাজনৈতিক নেতাৰ লগতে সাংস্কৃতিক জগতৰ বিশিষ্ট ব্যক্তিসকলে৷ অসমবাসীৰ হৈ বিশ্বকাপ জয় কৰাৰ বাবে ৰোহিত শর্মাৰ দলটোক উৎসাহ যোগাবলৈ এই ঐতিহাসিক ফাইনেলৰ সাক্ষী হ’ব অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ সম্প্রতি ৰাজস্থানৰ নির্বাচনী প্রচাৰত ব্যস্ত থকা মুখ্যমন্ত্রীগৰাকী তাৰ পৰাই আহমেদাবাদত উপস্থিত হ’ব আৰু উপভোগ কৰিব ভাৰত–অষ্ট্রেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া চলিত বিশ্বকাপৰ চূড়ান্ত মেচখন৷

You might also like