উত্তৰ প্রদেশত স্থাপন হ’ব ৱেবলে এণ্ড স্কটৰ বন্দুক নির্মাণৰ কাৰখানা
নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ ঐতিহ্যমণ্ডিত ব্রিটিছ বন্দুক নির্মাণ কোম্পানী ৱেবলে এণ্ড স্কটৰ কাৰখানা এটি উত্তৰ প্রদেশত স্থাপন কৰা হ’ব৷ ৱেবলে এণ্ড স্কটৰ নতুন বন্দুক নির্মাণ কাৰখানাটো হাৰদৈ জিলাত স্থাপন কৰা হ’ব আৰু অহা নৱেম্বৰৰ পৰা কার্যকৰী হ’ব৷ উল্লেখ্য যে ভাৰতত বন্দুক নির্মাণ কৰা কাৰখানা স্থাপন কৰা প্রথম বিদেশী কোম্পানী হ’ব ৱেবলে এণ্ড স্কট৷ মন কৰিবলগীয়া যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সশস্ত্র বাহিনী বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্রৰ নেতৃত্বাধীন সন্মিলিত বাহিনীয়ে ৱেবলে এণ্ড স্কটে উৎপাদন কৰা বন্দুক, অস্ত্র–শস্ত্র ব্যৱহাৰ কৰিছে৷ দ্বিতীয় বিশ্বযুদ্ধত অতি কমেও ১৩খন দেশে এই কোম্পানীটোৰ অস্ত্র–শস্ত্র যুদ্ধত শত্রু ৰাষ্ট্রৰ বিৰুদ্ধে প্রয়োগ কৰিছিল৷ এতিয়া এই প্রখ্যাত বন্দুক নির্মাণ কোম্পানীটোৱে ভাৰতত নতুনকৈ গোট স্থাপন কৰিব৷ উত্তৰ প্রদেশৰ ৰাজধানী লক্ষ্ণৌৰ পৰা প্রায় ৩০ কিলোমিটাৰ নিলগত হাৰদৈত স্থাপন কৰিবলগীয়া কাৰখানাটো লক্ষ্ণৌস্থিত ছিয়াল মেনুফেক্সাৰার্ছ প্রাইভেট লিমিটেডৰ সৈতে যুটীয়াভাৱে বিদেশী কোম্পানীটোৱে স্থাপন কৰিব বুলি কোম্পানীটোৰ বিবৃতিত প্রকাশ পাইছে৷ প্রথম পর্যায়ত এই কাৰখানাটোত .৩২ ৰিভলভাৰ নির্মাণ কৰিব৷