নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়মাইল বজাৰত গুণ্ডাকৰ আদায় দিবলৈ ব্যৱসায়ীক ভাবুকি

উপায়ুক্ত–আৰক্ষী আয়ুক্তক স্মাৰক–পত্র প্রদান ক্ষুদ্র ব্যৱসায়ীৰ

নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ  মহানগৰীৰ ছয়মাইল উৰণীয়া সেতুৰ তলৰ বজাৰত অব্যাহত আছে ব্যৱসায়ী আৰু লেচীৰ সংঘাত৷ নীতি বহির্ভূতভাৱে ব্যৱসায়ীসকলৰ পৰা ধন সংগ্রহ কৰাৰ প্রতিবাদত বজাৰখনৰ শতাধিক ব্যৱসায়ীয়ে যোৱা ২১ আৰু ২২ ছেপ্ঢেম্বৰত বজাৰ বন্ধ ৰাখি প্রতিবাদ সাব্যস্ত কৰাৰ পাছত বজাৰখনত উত্তেজনাই বিৰাজ কৰিছে৷ একাংশ উত্তেজিত ব্যৱসায়ীয়ে লেচীয়ে ১০০ টকাৰ ঠাইত ২০০–২৫০ টকা কৰ সংগ্রহ কৰা কার্য মানি লোৱা নহ’ব বুলি সিদ্ধান্ত লোৱাৰ পাছত এই সন্দর্ভত অবৈধভাৱে কৰ সংগ্রহ কৰা কার্য মানি লোৱা নহ’ব বুলি সিদ্ধান্ত লোৱাৰ পাছত এই সন্দর্ভত অবৈধভাৱে কৰ সংগ্রহ কৰাসকলে প্রতিক্রিয়া প্রকাশ কৰিছে৷ বজাৰখনত পাচলি ব্যৱসায় কৰা ৰাজীৱ ডেকাই জনোৱা মতে কালি অবৈধভাৱে ধন সংগ্রহ কৰা এচাম লোকে বজাৰখনত উপস্থিত হৈ লেচী থাকিলেহে বজাৰ থাকিব আৰু লেচী নাথাকিলে ছয়মাইল উৰণীয়া সেতুৰ তলৰ বজাৰ নাথাকে বুলি হুংকাৰ দিয়ে৷ ইয়াৰ পাছত আজি ব্যৱসায়ীসকলে এইসকল অবৈধ ধন সংগ্রহকাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ জিলা উপায়ুক্ত, আৰক্ষী আয়ুক্ত আৰু জিএমচি কমিছনাৰক স্মাৰক–পত্র প্রেৰণ কৰে৷ অৱশ্যে ব্যৱসায়ীসকলে পৌৰ নিগমৰ নীতি–নিয়ম অনুসৰি নির্ধাৰিত এশ টকা আদায় দিবলৈ সাজু আছে বুলি ব্যৱসায়ী ডেকাই জানিবলৈ দিছে৷ কিন্তু মাচুল সংগ্রহকাৰী অথবা লেচীয়ে মাচুল সংগ্রহ কৰাৰ বিনিময়ত ৰচিদ নিদিলে মাচুল আদায় দিয়া নহ’ব বুলি স্পষ্ট কৰি দিছে৷

You might also like