নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধন দিয়ক চাকৰি লওঁক, এসময়ৰ প্ৰভাৱশালী আৰক্ষী বিষয়া বৰ্তমান পালতক

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ নামে-বেনামে অগাধ সম্পত্তিৰ মালিক পি কে দত্ত বৰ্তমান পলাতক। অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত DIG পি কে দত্তৰ নেতৃত্বতে চাকৰি বজাৰৰ ষড়যন্ত্ৰ চলিছিল। লিখিত পৰীক্ষাৰ এদিন পূৰ্বেই মহানগৰীৰ গণেশগুৰিৰ থেংকিউ লজত অনুষ্ঠিত হৈছিল পৰীক্ষা। আজি অপৰাধ অনুসন্ধান শাখাই লজটোত অভিযান চলাই। ২০ ছেপ্টেম্বৰৰ আগতে অৰ্থাত ১৮-১৯ ছেপ্টেম্বৰত লজটোলৈ কোন কোন লোক আহিছিল তাৰ তথ্য বিচাৰিছে আৰক্ষীয়ে।

আনহাতে প্ৰশ্ন ফাদিলৰ ঘটনাত জড়িত হৈ পৰিছে এজন অগপ নেতা। এই তথাকথিত নেতাজনৰ ছাত্ৰছায়াটো মূল পৰীক্ষাৰ পূৰ্বতে অনুষ্ঠিত হৈছিল পৰীক্ষা। প্ৰায় ১৫ লাখ টকা পৰ্যন্ত দৰ উঠিছিল এটা পদৰ বিনিময়ত। গতিকে এশ গৰু মাৰিলে বাঘৰো মৰণৰ দৰে এসময়ত অতি প্ৰতাপী বিষয়া পি কে দত্ত বৰ্তমান আৰক্ষীৰ ভয়তেই  পলাই আছে। শীঘ্ৰেই আৰক্ষীৰ জালত পৰাৰ সম্ভাবনা অৱসমৰ প্ৰাপ্ত বিষয়াগৰাকী

You might also like