নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদীৰ অনুকৰণ হুৰ সঞ্চালক প্রধানৰ

বিশেষ বাৰ্তা, ২০ এপ্ৰিলঃ বিভিন্ন ৰাজ্যৰ নিৰ্বাচনী প্রচাৰলৈ গৈ সেই ঠাইৰ স্থানীয় ভাষাৰে ভাষণ আৰম্ভ কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। তাৰেই পুনৰাবৃত্তি হ’ল গুজৰাটৰ এক অনুষ্ঠানত। এইবাৰ মোদীয়ে চমক খালে। মোদীৰ অনুকৰণ কৰিলে বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ সঞ্চালক প্রধান টেড্ৰছ এডানম গেব্রিয়েছাছে। গ্লোবেল চেন্টাৰ ফৰ ট্রেডিছনেল মেডিচিনৰ এক অনুষ্ঠানত নিজৰ বক্তব্য আৰম্ভ কৰাৰ আগতে হাতযোৰ কৰি তেওঁ ক’লে-নমস্কাৰ। তাৰ পাছতে আকৌ ক’লে- কেম ছো.. মাজামা? অৰ্থাত কেনে আছে, ভালনে? তাৰ পাছতে অনুষ্ঠানৰ সভাগৃহ হাত চাপৰিৰে ওপচি পৰে। গেব্রিয়েছাছৰ মুখত গুজৰাটী ভাষাত কুশল সংবাদ শুনি হাত চাপৰি বজোৱাৰ লগতে হাঁহিও বিৰিঙি উঠে প্রধানমন্ত্রী মোদীৰ মুখত। উল্লেখনীয় যে ভাৰতৰ মাটিত প্রথম আন্তঃর্জাতিক ঐতিহ্যবাহী চিকিৎসা কেন্দ্রৰ আধাৰশিলা স্থাপন কৰা হৈছে। ইয়াৰে মুখ্য অতিথি হুৰ সঞ্চালক প্রধান।

You might also like