নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘হাত’ৰ দায়িত্ব কাৰ হাতত ? গান্ধী নে অগান্ধী !

নিয়মীয়া বাৰ্তা, ২৪ আগষ্টঃ নেতৃত্বৰ শূন্যতাই কংগ্রেছৰ বৰঘৰত তীব্র জোকাৰণি তুলিছে৷ বিগত এবছৰ ধৰি পূর্ণকালীন সভাপতি নোহোৱাকৈয়ে দেশৰ আটাইতকৈ প্রাচীন ৰাজনৈতিক দলটো পৰিচালিত হৈ আছে৷ বিগত লোকসভা নির্বাচনত শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছতে ৰাহুল কৰিছিল৷ তাৰ পিছত দলটোৰ অন্তর্ৱর্তীকালীন সভাপতিৰ দায়িত্ব দিয়া হৈছিল ছোনিয়া গান্ধীক৷ পৰৱর্তী সময়ত কেইবাখনো ৰাজ্যত কংগ্রেছ দল ব্যাপক বিপর্যয়ৰ গৰাহত পৰিল যদিও দলটোত এগৰাকী পূর্ণকালীন সভাপতি নিযুক্তি দিয়া নহ’ল৷ নেতৃত্বৰ এই শূন্যতা আঁতৰাবলৈ কংগ্রেছৰ ২০গৰাকীকৈ জ্যেষ্ঠ নেতাই এক পত্রযোগে এগৰাকী পূর্ণকালীন সভাপতি নিযুক্তি দিবলৈ আহ্বান জনায়৷ পত্রখনত এইসকল নেতাই স্পষ্ট ভাষাৰে উল্লেখ কৰে যে এগৰাকী পূর্ণকালীন, সক্রিয় আৰু কার্যক্ষম নেতাৰ হাতত দলৰ নেতৃত্ব অর্পণ কৰাটো প্রয়োজনীয় হৈ পৰিছে৷

ৰাজনৈতিক অভিজ্ঞতাৰ অভাৱৰ বাবেই তেওঁলোকে ৰাহুল গান্ধী শীর্ষ নেতৃত্বত পুনৰ অধিষ্ঠিত হোৱাৰ বিৰোধিতা কৰিছে৷ ইপিনে ৭৩ বর্ষীয় ছোনিয়া গান্ধীৰ পক্ষেও স্বাস্থ্যজনিত সমস্যাৰ বাবে শীর্ষ পদবীত বেছি দিনলৈ কার্যনির্বাহ কৰি যোৱাটো সম্ভৱ নহ’ব৷ গতিকে আজি কংগ্রেছ ৱর্কিং কমিটীৰ বৈঠকত সভাপতি পদৰ নির্বাচন সন্দর্ভত এক সিদ্ধান্তত উপনীত হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷

You might also like