নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশবাসীক সকাহ দি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ বহুপ্রত্যাশিত ঘোষণাঃ ১০ দিনৰ ভিতৰত দেশজুৰি ক’ভিড–১৯ ভেকচিন প্রদান অভিযান

নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ অৱশেষত ক’ভিড–১৯ক লৈ শংকিত দেশবাসীৰ বাবে আহিব শুভক্ষণটি৷ ১০ দিনৰ ভিতৰত দেশজুৰি ক’ভিড–১৯ ভেকচিন প্রদানৰ অভিযান আৰম্ভ হ’ব৷ প্রায় ১০ মাহ ধৰি মাৰাত্মক ক’ভিড–১৯ক লৈ শংকিত দেশবাসীক এই ভয়াৱহ ভাইৰাছটোৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে ১০ দিন ভিতৰত দেশত ক’ভিড–১৯ৰ গণটিকাকৰণ আৰম্ভ হ’ব বুলি আজি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে ঘোষণা কৰিছে৷ কালি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শীঘ্রেই দেশত বিশ্বৰ বৃহত্তম ক’ভিড–১৯ টিকাকৰণ আৰম্ভ হ’ব বুলি ঘোষণা কৰাৰ কেইঘণ্টামানৰ পিছতেই আজি কেন্দ্রীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে সংবাদ মেলযোগে ঘোষণা কৰে যে ডি চি জি আই (ড্রাগ কণ্ড্র’লাৰ জেনেৰেল অৱ ইণ্ডিয়া)–এ জৰুৰীকালীনভাৱে অক্সফ’ডৰ ভেকচিন ক’ভিশ্বিল্ড আৰু ভাৰত বায়’টেকৰ ক’ভাক্সিন প্রয়োগত অনুমতি প্রদান কৰাৰ ১০ দিনৰ ভিতৰতে টিকাকৰণ আৰম্ভ হ’ব৷ স্বাস্থ্যকর্মী, জৰুৰীকালীন সেৱাৰ কর্মচাৰী আৰু বয়োজ্যেষ্ঠ লোকক প্রথম পর্যায়ত ভেকচিন প্রদান কৰাৰ পূর্ণ প্রস্তুতি ইতিমধ্যে সাজু কৰা হৈছে৷ প্রতিটো ভেকচিন প্রদান কৰা দলত ৫জনকৈ সদস্য থাকিব৷ ডি চি জি আই–এ অনুমতি জনোৱা ভেকচিন দুটাৰ মানৱ দেহত পৰীক্ষণ উৎকৃষ্টমানৰ৷

ভেকচিনসমূহ দেশৰ ৰাজ্যসমূহৰ ৩৭টা ৰাজ্যিক ভেকচিন ষ্ট’ৰলৈ প্রেৰণ কৰা হ’ব আৰু ইয়াৰ পৰা জিলাৰ ভেকচিন ষ্ট’ৰলৈ নি পাছলৈ প্রাথমিক স্বাস্থ্য কেন্দ্র আৰু নির্ধাৰিত কৰা ক’ভিড–১৯ টিকাকৰণ চেণ্টাৰলৈ নিয়া হ’ব৷ ডি চি জি আই–এ অনুমতি জনোৱা ক’ভিশ্বিল্ড আৰু ক’ভাক্সিনক সুৰক্ষিতভাৱে জমা কৰি ৰখাৰ বাবে দেশত বর্তমান ২৯ হাজাৰ শীতল ভাণ্ডাৰ সাজু কৰি ৰখা হৈছে৷ উল্লেখ্য যে ভাৰতত ক’ভিশ্বিল্ডৰ উৎপাদন আৰু বিতৰণৰ দায়িত্বত থকা চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া, ক’ভাক্সিনৰ ভাৰত বায়’টেকে যুটীয়াভাৱে দেশজুৰি ক’ভিড–১৯ গণটিকাকৰণত সহযোগ কৰিব বুলি আজি বিবৃতিটোগে ঘোষণা কৰিছে৷

ইপিনে, ক’ভিড–১৯ৰ বিৰুদ্ধে ভাৰতৰ যুঁজক ভূয়সী প্রশংসা কৰিছে বিশ্বৰ ধর্ণাঢ়্য ব্যক্তি আমেৰিকাৰ সমাজকর্মী, মাইক্র’ছফটৰ সহঃ প্রতিষ্ঠাতা বিল গেটছে৷ সমাজকর্মী বিল গেটছে ভাৰতৰ বৈজ্ঞানিক উদ্ভাৱন আৰু ভেকচিন প্রস্তুতৰ সক্ষমতাক ভূয়সী প্রশংসা কৰে৷ ভাৰতে বিশ্বৰ পৰা ক’ভিড–১৯ মহামাৰী নির্মূল কৰাত নেতৃত্ব দিব বুলিও বিল গেটছে টুইটযোগে প্রকাশ কৰিছে৷ আনপিনে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্র’ছ আধানম গ্রেব্রেয়েছাছেও বিশ্বৰ বৃহত্তম ক’ভিড–১৯ ভেকচিন উৎপাদন কৰি এই সমস্যাটো সমাধানৰ ক্ষেত্রত ভাৰতে লোৱা ভূমিকাক ভূয়সী প্রশংসা কৰে৷

You might also like