বিশ্বৰ আঠখন দেশৰ স্বাস্থ্যমন্ত্রীৰ পদত্যাগ
ক’ভিড মহামাৰীৰ পৰিস্থিতি মোকাবিলা কৰাত ব্যর্থ চৰকাৰ
নিয়মীয়া বাৰ্তা ৩ জুনঃ বিশ্বৰ বিভিন্ন দেশত ক’ভিড–১৯ পৰিস্থিতিৰ মোকাবিলা কৰাৰ ক্ষেত্রত যাৱতীয় ব্যৱস্থা গ্রহণ কৰিব নোৱৰাৰ বাবেই কেইবাগৰাকীও স্বাস্থ্যমন্ত্রীয়ে পদত্যাগ কৰিছে৷ বছৰটোত ক’ভিড মহামাৰীৰ সংক্রমণৰ প্রথম পাঁচটা মাহত ৮গৰাকী স্বাস্থ্যমন্ত্রীয়ে পদত্যাগ কৰিছে৷ ২০২১ চনটো অকল বিশ্বৰ সাধাৰণ জনতাৰ বাবেই কঠিন হৈ পৰা নাই, বিভিন্ন দেশৰ ৰাজনৈতিক নেতৃত্বলৈও মহামাৰীয়ে কঢ়িয়াই আনিছে প্রত্যাহ্বান৷ ব্রাজিলত দেশখনৰ ৰাষ্ট্রপতি জাইৰ ব’ল’ছোনাৰ’ৰ বিৰুদ্ধে প্রতিদিনে ৰাজপথত প্রতিবাদ সাব্যস্ত কৰি আহিছে জনসাধাৰণে৷
লক্ষণীয়ভাৱে ব’ল’ছোনাৰ’ৰ ক’ভিড প্রতিৰোধী শিথিল নীতিত ক্ষুণ্ণ হৈ দেশখনত কেইবাগৰাকীও মন্ত্রীয়ে পদত্যাগ কৰিছে৷ মার্চ মাহত ইকুৱেডৰৰ স্বাস্থ্যমন্ত্রী ৰ’ডলফো ফাৰহানে ক’ভিড প্রতিৰোধৰ ক্ষেত্রত চৰকাৰে কঠোৰ ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ তুলি পদত্যাগ কৰিছে৷ ফাৰহানৰ পূর্বে জুৱান কার্লোছেও স্বাস্থ্যমন্ত্রীৰ পদ ত্যাগ কৰিছিল৷ ইফালে, ইউৰোপীয় দেশ অষ্ট্রিয়াত স্বাস্থ্যমন্ত্রী ৰুডল্ফ আনস্কোবাৰে যোৱা ১৩ এপ্রিলত পদত্যাগ কৰি দেশখনত প্রয়োজনীয় অক্সিজেন চৰকাৰে যোগান ধৰিবলৈ সক্ষম নোহোৱাৰ বাবে ইৰাকৰ স্বাস্থ্যমন্ত্রী হাছান আল–তামিমিয়েও ক’ভিড হাস্পতাল এখনৰ অগ্ণিকাণ্ডত ৮০গৰাকী লোক নিহত হোৱাৰ লগে লগে পদত্যাগ কৰিছে৷
সেইদৰে আর্জেণ্টিনা, জর্দান, পেৰু, শ্ল’ভাকিয়া আৰু মংগোলীয়াৰ স্বাস্থ্যমন্ত্রীসকলে মহামাৰীৰ মোকাবিলা কৰাৰ ক্ষেত্রত চৰকাৰ ব্যর্থ হোৱাৰ অভিযোগ তুলি পদত্যাগ কৰিছে৷ বিভিন্ন দেশৰ হাস্পতালত অক্সিজেনৰ অভাৱৰ বাবেই গুৰুতৰভাৱে অসুস্থ ক’ভিড ৰোগীয়ে প্রাণ হেৰুৱাবলগীয়া হৈছে৷ এই দেশবোৰত স্বাস্থ্যমন্ত্রীসকলে নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰাৰ সিদ্ধান্ত লয়৷ লক্ষণীয়ভাৱে ভাৰতত এইবাৰ ক’ভিড মহামাৰীৰ সংক্রমণত দ্বিতীয়টো জোৱাৰত অক্সিজেনৰ অভাৱৰ বাবে হাস্পতালসমূহত বহু ৰোগীয়ে মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছে৷ এইক্ষেত্রত কেন্দ্রীয় চৰকাৰৰ ব্যর্থতাক লৈ বিৰোধী ৰাজনৈতিক দলসমূহে সঘনে সমালোচনা কৰি আহিছে যদিও ভাৰতত ক’ভিড পৰিস্থিতিৰ মোকাবিলাৰ ক্ষেত্রত ব্যর্থ হোৱা বুলি কোনো মন্ত্রীয়ে পদত্যাগ কৰা নাই৷ শেহতীয়াকৈ ইউৰোপ আৰু আমেৰিকাত ক’ভিড মহামাৰীৰ সংক্রমণৰ হাৰ কিছু হ্রাস পাইছে যদিও ভাৰতত এতিয়াও মহামাৰীয়ে সংহাৰ সৃষ্টি কৰি আছে৷ দেশত প্রতিদিনে লক্ষাধিক লোক ক’ভিডত আক্রান্ত হৈ আছে৷