নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাইকেল সুস্বাস্থ্যৰ মহামন্ত্র

ড০ সুনীল কুমাৰ শইকীয়া
কিছুদিনৰ আগতে কোনোবা এখন ৰাষ্ট্রীয় বাতৰি কাকতত এজন ব্যক্তিয়ে নতুন দিল্লীৰ পৰা আগ্রা, গোৱালিয়ৰ আদি হৈ কন্যাকুমাৰীলৈ নিজে চাইকেল চলাই যোৱাৰ এক মনোগ্রাহী লেখা–”From New Delhi fo KanyaKumari” পঢ়িছিলোঁ৷ আজিকালি খবৰ কাগজত মাজে–সময়ে চাইকেল, মটৰচাইকেল, স্কুটাৰ, মপেড বা গাড়ী–মটৰ আদি চলাই দেশ–বিদেশ ভ্রমণ কৰাৰ একোটা বাতৰি বা নিজৰ অভিজ্ঞতাৰ ওপৰত লিখা বিভিন্ন কাহিনী বা ভ্রমণ কাহিনী পঢ়িবলৈ পাওঁ আৰু সেইধৰণৰ বাতৰি বা ভ্রমণ কাহিনী একোটা পঢ়িলে নিজৰো তেনেদৰে ৰোমান্সকৰ যাত্রা এটা কৰি চাবলৈ বৰ মন যায়৷ আজিৰ পৰা কিছু বছৰৰ আগতে কলকাতাৰ ৰাজভৱনৰ পৰা বিমল মুখার্জী নামৰ এজন ব্যক্তিয়ে একেলেথাৰিয়ে পাঁচ বছৰ ভাৰতবর্ষৰ কেইবাখনো চহৰ ভ্রমণ কৰাৰ লগতে পাকিস্তান, আফগানিস্তান, ইৰান, ইৰাক, ছৌদি আৰব, সুজান, ইজিপ্ত, তুৰস্ক, গ্রিচ আদি হৈ ইউৰোপ মহাদেশৰো বিভিন্ন দেশ ভ্রমণ কৰি বিভিন্ন ঠাইত পোৱা অভিজ্ঞতাৰ কথাবোৰ লিখি প্রকাশ কৰা ‘দুচকায় দুনিয়া’ নামৰ বঙালী কিতাপখন পঢ়ি ইমান ভাল লাগিছিল যে আমি সেইখন পিছত আমাৰ কেইবাজনো বন্ধু–বান্ধৱ, আত্মীয়স্বজন আদিকো পঢ়িবলৈ দিছিলো৷ এই ধৰণৰ আৰু বিভিন্ন চাইকেল চলোৱা, মটৰচাইকেল চলোৱা, হাতীৰ পিঠিত বা ঘোঁৰাৰ পিঠিত উঠি ভ্রমণ কৰা আমোদজনক ভ্রমণ কাহিনী পঢ়িবলৈ পাওঁ৷

আমি নিজেও সৰুৰে পৰা চাইকেল চলাই ঘূৰি ফুৰিছিলোঁ আৰু ক্লাছ ফ’ৰত পঢ়োতেই দেউতাই কিনি দিয়া সৰু চাইকেল এখন চলাই চফ্রাই চাহ বাগিচাৰ পৰা মথুৰাপুৰলৈ পাঁচ কিলোমিটাৰ আঁতৰত থকা স্কুললৈ গৈছিলোঁ৷ ইয়াৰ পিছত ক্রমে ডাঙৰ হোৱাত চাইকেল চলাই যোৰহাটৰ পৰা নিমাতিঘাট বা ককিলামুখলৈ লগৰ বন্ধুৰ সৈতে বৰশী বাবলৈ যোৱা ব্রহ্মপুত্র বা ধনশিৰা নদীত পিকনিক খোৱা, পাহাৰ বগাবলৈ যোৱা, যোৰহাটৰ পৰা মৰিয়নিৰ ওচৰৰ গিবন অভয়াৰণ্যলৈ যোৱা আদি কামবোৰ কৰি অতি আনন্দ লভিছিলো৷ কলেজ–বিশ্ববিদ্যালয়্ পঢ়ি থকা দিনত ২০/২৫ কিলোমিটাৰ বা বেছি চাইকেল চলাই ইফালে–সিফালে যোৱাটো কোনো কথাই নাছিল৷ আনকি চাকৰিত যোগদান কৰাৰ প্রথম অৱস্থাত উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন চহৰ–নগৰত আৰু আনকি ভাৰতবর্ষৰ বিভিন্ন ৰাজ্যত শনি–দেওবাৰবোৰত অর্থাৎ বন্ধৰ দিনত কাৰোবাৰ লগত আগতে কথা পাতি বা ঠিক কৰি চাইকেল একোখন লৈ নতুন নতুন নেদেখা ঠাইবোৰ চাই ফুৰিছিলোঁ৷ এতিয়া কিন্তু সেইদিন নাই৷ আজিকালি অসম বা ভাৰতবর্ষৰ আন ঠাইৰ বেছিভাগ মানুহেই চাইকেলৰ ঠাইত মটৰচাইকেল, স্কুটাৰ, মপেড, গাড়ী–মটৰেহে সেই ঠাই পূৰণ কৰিবলৈ লৈছে৷

আমি অসমীয়া বা ভাৰতীয় মানুহবোৰে এই ধৰণৰ চাইকেল চলোৱা কথাবোৰ বাদ দিলেও বিদেশত কিন্তু এই ধৰণৰ চাইকেল চলোৱা কথাবোৰ বেছিহে হোৱা পৰিলক্ষিত হৈছে৷ উদাহৰণ স্বৰূপে আজিৰ পৰা বেছ কেইবছৰমানৰ আগতে হলেণ্ডৰ (আজিকালি নেদাৰলেণ্ডছ) ৰাজধানী আমষ্টাৰডামলৈ যাওঁতে উৰাজাহাজৰ পৰা নামিয়েই দেখিছিলো, বহুতো বা বেছিভাগ চাকৰিয়াল, ডাক্তৰ, ইঞ্জিনীয়াৰ, উকীল, অধ্যাপক–শিক্ষক, সাংবাদিক, ঘৰৰ গৃহিণী, স্কুল–কলেজত পঢ়া ল’ৰা–ছোৱালী এই সকলোৱেই এঠাইৰ পৰা আন এঠাইলৈ চাইকেলেৰেহে অহা–যোৱা কৰে৷ আচলতে সমগ্র আমষ্টাৰডাম মহানগৰখনতে গাড়ী–মটৰ অহা–যোৱা কৰা পথৰ দাঁতিয়ে দাঁতিয়ে একোটা ৫/৬ ফুটমান হ’ল চাইকেলৰ বাবে আছুতীয়া পথো দেখিছিলোঁ আৰু তাত চাইকেলৰ বাবে বেলেগে ট্রেফিক ছিগনেলৰ ব্যৱস্থা আছিল৷ সেই ধৰণৰ কথাবোৰ অর্থাৎ চাইকেল চলোৱা আৰু বেলেগে চাইকেলৰ বাবে সুকীয়া পথ থকা কথাবোৰ আমি পিছত জার্মানী, ফ্রান্স, ইটালী, ছুইজাৰলেণ্ড, ইংলেণ্ড, অষ্ট্রিয়া, ডেনমার্ক, ছুইডেন, জাপান, কানাডা, ফিনলেণ্ড আদি দেশতো দেখিছিলো৷

এই যে ইউৰোপ, আমেৰিকা মহাদেশৰ দৰে ধনী একোখন দেশৰ ইমানবোৰ মানুহে বেছিভাগ সময় চাইকেল একোখন চলাই ফুৰি যথেষ্ট সময় খৰচ কৰিহে ইফালৰ পৰা সিফাললৈ যায় বা প্রয়োজনীয় কামবোৰ কৰে, ইয়াৰ প্রথম বা প্রধান কথাটোৱেই হৈছে চাইকেল চলাই নিজৰ স্বাস্থ্য অটুট ৰখাটো আৰু দ্বিতীয় কথাটো হৈছে চাইকেল চলাবলৈ কোনো ইন্ধনৰ প্রয়োজন নহয় বাবে তেওঁলোক থকা ঠাইখিনি বা চহৰখনক প্রদূষণৰ পৰা মুক্ত কৰি ৰাখিব পাৰি৷ সেইবোৰ মানুহৰ প্রায় প্রত্যেকৰে ঘৰতে ২/৩খনকৈ নামি–দামী গাড়ী আছে যদিও নিজৰ স্বাস্থ্য আৰু পৰিৱেশটো সুস্থ কৰি ৰাখিবলৈকে এনে কৰে৷ তদুপৰি শনিবাৰ–দেওবাৰ একোটাত কোনো এখন নতুন ঠাইলৈ ফুৰিবলৈ গ’লেও নিজৰ গাড়ীখনৰ পিছপালে বা ওপৰৰ কেৰিয়াৰত চাইকেল এখন বান্ধি লৈ ফুৰাও দেখিছিলো, যাতে সেইবোৰ ঠাইতো চাইকেলখনেৰেই ইফালে–সিফালে যাব পাৰে বা ফুৰিব পাৰে৷

আমি যদি বিশ্বৰ কেইখনমান উন্নত দেশত, সেই দেশৰ নাগৰিকে চাইকেল ব্যৱহাৰ কৰাৰ সংখ্যাটো চাওঁ, তেনেহ’লে দেখিবলৈ পাঁও যে শতকৰা হিচাপত (১) বেলজিয়ামৰ ৪৮ শতাংশ (২) ছুইজাৰলেণ্ড ৪৮.৮ শতাংশ, (৩) জাপান ৫৬.৯ শতাংশ, (৪) ফিনলেণ্ড ৬০.৪ শতাংশ, (৫) নৰৱে ৬০.৭ শতাংশ, (৬) ছুইডেন ৬৩.৭ শতাংশ, (৭) জার্মানী ৭৫.৮ শতাংশ, (৮) ডেনমার্ক ৮০.১ শতাংশ আৰু (৯) হলেণ্ড (নিডাৰলেণ্ড) ৯৯.১ শতাংশ৷ আনহাতে আমাৰ ভাৰতবর্ষত এই শতকৰা হাৰ হৈছে ৯.০ শতাংশ মাত্র৷ অৱশ্যে শেহতীয়াকৈ আজি কিছু বছৰৰ পৰা চাইকেল ব্যৱহাৰৰ সংখ্যা লাহে লাহে বৃদ্ধি হ’বলৈ ধৰিছে৷ ইয়াৰ বিভিন্ন কেইখনমান চহৰ যেনে– দিল্লী, বাংগালুৰু, চেন্নাই, কলকাতা, মুম্বাই, ক’চী আদিত আজিকালি বহুতো চাকৰিয়াল, শিক্ষক, যুৱক–যুৱতী, স্কুল–কলেজৰ ছাত্র–ছাত্রী আদিয়ে চাইকেল একোখন চলাই নিজৰ স্বাস্থ্য অটুট ৰখাৰ লগতে চহৰ বা মহানগৰখনক প্রদূষণৰ পৰা মুক্ত কৰিবলৈ চেষ্টা কৰা দেখা গৈছে৷ অসমতো গুৱাহাটী মহানগৰকে ধৰি যোৰহাট, ডিব্রুগড়, তেজপুৰ, ডিব্রুগড় আদি বিভিন্ন চহৰত বহুকেইটা ক্লাব, এনজি’, চাইক্লিং গ্রুপ আদিয়ে দৈনিক পুৱা–গধূলি সকলোধৰণৰ ব্যক্তিয়ে যাতে মাজে–সময়ে চাইকেল একোখন চলায়, তাৰ এক অভাস গঢ়ি তোলাত অনুপ্রাণিত কৰিছে৷

আনহাতে সমগ্র বিশ্বতে যাতে অধিক মানুহে চাইকেল ব্যৱহাৰ কৰি নিজৰ সুস্বাস্থ্য অটুট ৰখাৰ লগতে দেশখনকো প্রদূষণৰ পৰা যিমান পৰা যায় মুক্ত কৰি ৰাখিব পাৰে, তাৰ সজাগতা বৃদ্ধিৰ বাবে প্রতি বছৰ জুন মাহৰ ৩ (তিনি) তাৰিখে বিশ্ব চাইকেল দিৱস যোৱা ২০১৮ চনৰ পৰা পালন কৰি অহা হৈছে৷ এই বিশ্ব স্বাস্থ্য দিৱস পালন কৰিবলৈ আমেৰিকাত চাকৰি কৰা পোলেণ্ডৰ অধ্যাপক লেছজেক ছিবিলস্কীয়ে Professor Leszek Sibilski ) এক বিশেষ চেষ্টা কৰাৰ শেষতThe United Nations General Assmblyয়ে ২০১৮ চনৰ এপ্রিল মাহত এই সিদ্ধান্ত সমজুৱাভাৱে অর্থাৎ সমগ্র বিশ্বতে পালন কৰিবলৈ সকলো দেশকে আহ্বান জনাইছে৷ ইয়াৰ মূল উদ্দেশ্য হৈছে প্রত্যেকে দেশখনক প্রদুষণমুক্ত কৰি ৰখা৷ আহক তেনেহ’লে আমিও সকলোৱে অহা তিনি জুন তাৰিখে নিজাকৈ একোখন চাইকেল কিনি চলাবলৈ চেষ্টা কৰোঁ৷

You might also like