নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্রত ক’ৰোনামুক্ত গাঁৱলৈ ৫০ লাখ টকা পুৰস্কাৰ ঘোষণা

নিয়মীয়া বাৰ্তা ৩ জুনঃ ক’ভিড–১৯ মহামাৰীৰ সংক্রমণ গ্রামাঞ্চলত হ্রাস কৰাৰ উদ্দেশ্যে মহাৰাষ্ট্র চৰকাৰে আজি আৰম্ভ কৰিছে ‘ক’ৰোনামুক্ত গাঁও’ শীর্ষক এক আঁচনি৷ এই আঁচনিৰ অধীনত আয়োজন কৰা হ’ব এক প্রতিযোগিতা৷ ‘মাই ভিলেজ ক’ৰোনা ফ্রী’ শীর্ষক এই প্রতিযোগিতাত ক’ভিডমুক্ত গাঁৱক ৫০ লাখ টকা পর্যন্ত নগদ ধনেৰে পুৰস্কৃত কৰিব৷ ৰাজ্যখনৰ মুখ্যমন্ত্রী উদ্ধৱ থাক্ৰেই এই প্রতিযোগিতাৰ জৰিয়তে গাঁওসমূহত ক’ভিডৰ সংক্রমণ হ্রাস কৰাটো সম্ভৱ হ’ব বুলি আশা প্রকাশ কৰিছে৷ ৰাজ্যখনত গ্রামীণ উন্নয়নমন্ত্রী হাছান মুছৰিফে উল্লেখ কৰা অনুসৰি ক’ৰোনামুক্ত গাঁৱৰ প্রতিযোগিতা হ’ব ক’ভিড প্রতিৰোধৰ ক্ষেত্রত ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি৷ ক’ভিড–১৯ৰ মোকাবিলা কৰাৰ ক্ষেত্রত যিবোৰ গাঁও পঞ্চায়তে কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে, সেই পঞ্চায়তসমূহৰ মাজত এই প্রতিযোগিতা চলিব৷ প্রতিযোগিতাত তিনিখন গাঁও পঞ্চায়তক শ্রেষ্ঠ ঘোষণা কৰি নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব৷ প্রতিযোগিতাত প্রথম স্থান লাভ কৰা গাঁও পঞ্চায়তে ৫০ লাখ টকা লাভ কৰাৰ বিপৰীতে দ্বিতীয় স্থান লাভ গাঁও পঞ্চায়তে পাব ২৫ লাখ টকা৷ সেইদৰে ক’ৰোনামুক্ত গাঁৱৰ তৃতীয় শ্রেষ্ঠ গাঁও পঞ্চায়তলৈ আগবঢ়োৱা হ’ব ১৫ লাখ টকা৷ সংবাদ সংস্থা পি টি আইৰ অনুসৰি ৰাজ্যখনৰ ৬টা ৰাজহ বিভাগত মুঠ ১৮টা পুৰস্কাৰ প্রদান কৰিব চৰকাৰে৷ এই পুৰস্কাৰৰ মুঠ ধন হ’ব ৫.৪ কোটি টকা৷

You might also like