নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ সবাতোকৈ বয়োজ্যেষ্ঠ মানুহগৰাকীৰ দেহাৱসান, জীৱনৰ সুখৰ সময়ছোৱা আছিল…

বিশেষ বাৰ্তা, ২৫ এপ্ৰিলঃ ২০১৯ চনত গীনিজ বিশ্ব বুকে তেখেতক বিশ্বৰ সবাতোকৈ বয়োজ্যেষ্ঠ মানুহগৰাকী বুলি ঘোষণা কৰাৰ পৰত সোধা হৈছিল এটা প্ৰশ্ন। তেখেতৰ জীৱনৰ আটাইতকৈ সুখৰ সময়ছোৱা কোনখিনি? এটা শব্দত তেখেতৰ উত্তৰ আছিল- now. অৰ্থাত বৰ্তমান। বিশ্বৰ সবাতোকৈ বয়োজ্যেষ্ঠ মানুহগৰাকীয়ে আজি শেষ নিশ্বাস ত্যাগ কৰিলে। জাপানৰ কানে তানাকা নামৰ মহিলাগৰাকী আছিল বিশ্বৰ সকলোতকৈ বয়সীয়া বুলি স্বীকৃত। ১৯০৩ চনৰ ২ জানুৱাৰীত জাপানৰ দক্ষিণৰ ফুকুওকা অঞ্চলত জন্ম লাভ কৰা মহিলাগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ১১৯ বছৰ। শেষ সময়লৈ তুলনামূলকভাবে স্বাস্থ্য ঠিকেই আছিল তেখেতৰ। নাৰ্ছিংহোমত খেলা-ধূলা, অংকৰ সূত্ৰ সমাধান কৰি চকলেট-চোদা খাই আনন্দেৰে দিন অতিবাহিত কৰি আহিছিল। তামাকাই বিভিন্ন ব্যৱসায় কৰি জীৱীকা নিৰ্বাহ কৰিচিল। ১৯২২ চনতে বিবাহত বহিছিল আৰু চাৰিটা সন্তান জন্মদিয়াৰ লগতে এটি সন্তানক তুলি লৈছিল। জীৱনৰ বিয়লি বেলাতো মনৰ উদ্যম একেই আছিলা শতিকাগৰকা মহিলাগৰাকীৰ। আনকি ২০২১ চনৰ টকিঅ’ অলিম্পিকৰ টৰ্ছ ৰেলীত হুইল চেয়াৰত বহি অংশগ্ৰহণ কৰিব বিচাৰিছিল তেখেতে। কিন্তু ক’ভিড পৰিস্থিতিৰ বাবে সেয়া হৈ নুঠিল।

You might also like