নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আদালত অৱমাননাৰ গোচৰত ৰাহুল গান্ধী মুক্ত

কিন্তু ৰাহুল গান্ধীক উচ্চতম ন্যায়ালৰ সকীয়নী

নিউজ ডেস্ক ১৪ নৱেম্বৰঃআদালত অৱমাননাৰ  গোচৰত ৰাহুল গান্ধী মুক্ত। সৰ্বোচ্চ ন্যায়ালয়ে ৰাহুল গান্ধীৰ ক্ষমা প্ৰাৰ্থনা মঞ্জুৰ কৰিলে আৰু কোনো ধৰণৰ গোচৰ চলাব নোৱাৰিব বুলি আদেশ দিয়ে।
ইয়াৰ উপৰিও ন্যায়ালয়ে ৰাহুল গান্ধীক সতৰ্ক কৰি দি কয় য়ে ৰাজনৈতিক মন্তব্য দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ ন্যায়ালয়ৰ কথা উল্লেখ নকৰে। লগতে ৰাজনৈতিক নেতাই দায়িত্ব লৈ মন্তব্য ৰাখিব লাগে। ভৱিষ্যতে ৰাহুল গান্ধীয়ে ন্যায়ালয়ৰ ৰায়ক কোনো ধৰণৰ বিকৃত কৰিবলৈ যাতে চেষ্টা নকৰে।

উল্লেখ্য যে ১০ এপ্ৰিল ২০১৯ চনত আমেঠিত ৰাহুল গান্ধীয়ে  মন্তব্য কৰিছিল যে সৰ্বোচ্চ ন্য়ায়ালয়ে স্বীকাৰ কৰিছিল যে “চৌকিদাৰ চৌৰ হে”। যাৰ পৰিপেক্ষিতত বিজেপিৰ সাংসদ মীনাক্ষী লেখীয়ে ১২ এপ্ৰিলত সৰ্বোচ্চ ন্যায়ালয়ত  আদালত অৱমাননাৰ গোচৰ তৰিছিল।

You might also like