নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খাদ্যত চুলি পাই ফ্লাই এমিৰেটছক তীব্ৰ ককৰ্থনা অভিনেত্ৰী মিমিৰ

বিশেষ বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ বিখ্যাত বিমান সংস্থা ফ্লাই এমিৰেটছৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে বাংলা অভিনেত্ৰী মিমি চক্ৰৱৰ্তীয়ে। কিয়নো খাদ্যত চুলি পোৱাৰ বাবেই বিমান সংস্থাসমূহক তীব্ৰ ভাষাৰে সমালোচনা কৰে মিমিয়ে। উল্লেখ্য যে বাঙালী চলচ্চিত্ৰ জগতৰ আটাইতকৈ বিখ্যাত অভিনেত্ৰীগৰাকীৰ কথা কোৱা হয়, তেন্তে মিমি চক্ৰৱৰ্তীৰ নাম নিশ্চয় উল্লেখ কৰিব লাগিব। চলচ্চিত্ৰ জগতৰ পৰা ৰাজনীতিলৈকে মিমি চক্ৰৱৰ্তী অতি চিনাকি নাম। কিন্তু নতুন বিতৰ্কৰ বাবে গৰম হৈ পৰিছে মিমি চক্ৰৱৰ্তীৰ নাম। মিমি চক্ৰৱৰ্তীৰ এই বিবাদ সংঘটিত হৈছে বিখ্যাত বিমান সংস্থা ফ্লাই এমিৰেটছৰ সৈতে। যাৰ বাবে অভিনেত্ৰীগৰাকীয়ে খাদ্যত চুলি পোৱাৰ পিছত এয়াৰলাইনক ককৰ্থনা কৰিছে। মঙলবাৰে মিমি চক্ৰৱৰ্তীয়ে নিজৰ অফিচিয়েল টুইটাৰ একাউণ্টত শেহতীয়া বিতৰ্কিত কাণ্ডৰ ছবি শ্বেয়াৰ কৰে। মিমি চক্ৰৱৰ্তীৰ এই ফটোবোৰ এই বিমান সংস্থাত উপলব্ধ খাদ্যৰ, য’ত মিমিয়ে খাই থাকোঁতে চুলি পাইছিল। ইয়াৰ পিছতে মিমি চক্ৰৱৰ্তীৰ তীব্ৰ খং উঠিল ফ্লাই এমিৰেটছৰ এইধৰণৰ বেয়া খাদ্যৰ বাবে। এই বিষয় সন্দৰ্ভত মিমি চক্ৰৱৰ্তীয়ে টুইটত লিখিছে- প্ৰিয় এমিৰেটছ, মই ভাবো আপোনালোক বহু পুৰণি সংস্থা। আপোনাৰ লগত যাত্ৰা কৰা লোকসকলৰ প্ৰতি আপোনালোকে একেবাৰেই গুৰুত্ব নিদিয়ে। মোৰ মতে খাদ্যত চুলি পোৱাটো একেবাৰে ভাল কথা নহয়। এই বিষয়টো সন্দৰ্ভত আপোনালোকক মেইল ​​কৰিছো, কিন্তু আপোনালোকৰ পক্ষৰ পৰা ক্ষমা বিচৰা বা কোনো উত্তৰ দিয়াৰ প্ৰয়োজনবোধ কৰা নাই হয়তো। চোবাই থকা এই টুকুৰাটোৰ পৰা মই এডাল চুলি পাইছো। যদি আপোনালোকে গুৰুত্ব দিয়ে তেন্তে সম্পূৰ্ণ বিৱৰণৰ সৈতে মোৰ মেইল ​​চাওক। এইদৰে মিমি চক্ৰৱৰ্তীয়ে এমিৰেটছ এয়াৰলাইন্সক তীব্ৰ সমালোচনা কৰিছে।

You might also like