চিবিআইত নিয়ন্ত্রণ নাই কেন্দ্রৰ : উচ্চতম ন্যায়ালয়ক জনালে মোদী চৰকাৰে
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ মে’ : চিবিআই স্বতন্ত্র সংস্থা৷ এই সংস্থাৰ ওপৰত কেন্দ্রৰ কোনো নিয়ন্ত্রণ নাই৷ ৰাজ্যৰ তৰফৰ পৰা তৰা এটা গোচৰত উচ্চতম ন্যায়ালয়ত এই কথা জনাই দিলে মোদী চৰকাৰে৷ উল্লেখনীয় যে ২০২০ চনতে ৰাজ্যত ইচ্ছা অনুসৰি চিবিআইৰ তদন্তৰ বাবে প্রয়োজনীয় অনুমতি–পত্র বা জেনেৰেল কনচেণ্ট প্রত্যাহাৰ কৰিছিল তৃণমূল কংগ্রেছ চৰকাৰে৷ যাৰ ফলত আদালতৰ নির্দেশ নাথাকিলে ৰাজ্যত কোনো গোচৰ ৰুজু কৰিবলৈ হ’লে চিবিআয়ে অনুমতি লোৱাৰ প্রয়োজন হৈছিল৷ তাৰ পাছতো আদালতৰ নির্দেশত এটাৰ পাছত এটাকৈ গোচৰত এফআইআৰ কৰিবলৈ আৰম্ভ কৰে চিবিআয়ে৷ ইয়াৰ প্রতিবাদত উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিল ৰাজ্য চৰকাৰে৷ ৰাজ্য চৰকাৰৰ বক্তব্য আছিল যে দিল্লী স্পেচিয়েল পুলিচ এষ্টাব্লিছমেণ্ট এক্টত চিবিআয়ে এফআইআৰ কৰাৰ পূর্বে ৰাজ্য প্রশাসনৰ অনুমতি ল’ব লাগিব৷ বিগত প্রায় তিনি বছৰত কেন্দ্র আৰু ৰাজ্যৰ বিবাদৰ এই গোচৰ বহুবাৰ শুনানিৰ বাবে তালিকাভুক্ত হ’লেও এবাৰো শুনানি হোৱা নাছিল৷ যোৱা মঙলবাৰে এই গোচৰটোৰ শুনানি আছিল৷ শুনানিত ৰাজ্যৰ তৰফৰ পৰা দাবী কৰা হয় যে উচ্চতম ন্যায়ালয়ত গোচৰ চলি থকা সত্ত্বেও কেন্দ্রৰ নির্দেশত চিবিআয়ে ৰাজ্যসমূহত এটাৰ পাছত এটাকৈ গোচৰৰ তদন্ত চলাই আহিছে বা নিজাববীয়াকৈ নতুন গোচৰ তৰিছে৷ ইয়াৰ উত্তৰত কেন্দ্রৰ ছ’লিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে ভাৰত চৰকাৰে পশ্চিমবংগৰ কোনো গোচৰ তৰা নাই৷ চিবিআয়ে তৰিছে৷ এই তদন্তকাৰী সংস্থাটোৰ ওপৰত কেন্দ্রৰ নিয়ন্ত্রণ নাই বুলিও উল্লেখ কৰে মেহতাই৷