২৩ এপ্রিলত পশ্চিমবংগত হ’বলগা প্রথম পর্যায়ৰ ভোটগ্রহণৰ বাবে অন্তিমবাৰৰ প্রচাৰ অভিযানত নামিল অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ বুধবাৰে প্রথম পর্যায়ত ১৫২টা সমষ্টিত হ’বলগা ভোটগ্রহণৰ পূর্বে পুনৰ মুখ্যমন্ত্রী ড০ শর্মাই বিজেপি শাসনলৈ আহিলে পশ্চিমবংগৰ পৰা বাছি বাছি অনুপ্রৱেশকাৰীক বহিষ্কাৰৰ বাবে দিলে হুংকাৰ৷
ৰাজ্যখনৰ ভগৱানপুৰ আৰু বিষ্ণুপুৰত বিশাল ৰোডশ্ব’ত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়– বাংলাদেশীপ্রীতিয়ে অসমত কংগ্রেছ আৰু আন বিৰোধীৰ যি দুৰৱস্থাৰ সৃষ্টি কৰিছিল, পশ্চিমবংগত তৃণমূল কংগ্রেছৰো সেই একেই অৱস্থাৰ সৃষ্টি হ’ব৷
তেওঁ কয়– পশ্চিমবংগত তৃণমূল কংগ্রেছ (টিএমচি) আৰু বাংলাদেশী অনুপ্রৱেশকাৰীৰ মাজত ইলু ইলু চলি আছে৷ অসমত ১০ বছৰ পূর্বে কংগ্রেছৰ চৰকাৰ আছিল৷ কিন্তু বাংলাদেশীপ্রীতিৰ বাবেই অসমৰ জনতাই বিজেপিক শাসনলৈ আনিলে৷ এতিয়া সকলো ক্ষেত্রতে বিজেপিৰ জয় জয়৷ এইবাৰ পশ্চিমবংগত ভোটাৰ ৰাইজে মমতা বেনার্জীক শাসনৰ পৰা ওফৰাই পঠিয়ালে পশ্চিমবংগ হৈ পৰিব সোণৰ বাংলা৷
মমতা বেনার্জীয়ে নির্বাচনী সভাত এতিয়া খোদা হাফিজ শব্দৰে আৰম্ভণি কৰে৷ তেওঁ কেতিয়াও জয় শ্রীৰাম নকয়৷ পশ্চিমবংগত এতিয়া এনে অৱস্থা হৈছে যে ক’ৰবাৰ পৰা হুমায়ুন কৰিম বুলি এজন লোক আহি বাবৰি মছজিদ নির্মাণৰ কথা কয়৷
পশ্চিমবংগত মমতা বেনার্জীয়ে যি তুষ্টিকৰণৰ ৰাজনীতি আৰম্ভ কৰিছে, ইয়াৰ ফলত বাংলাদেশৰ পৰা নিতৌ অনুপ্রৱেশকাৰীয়ে ৰাজ্যখনত প্রৱেশ কৰি ভূমি দখল কৰিছে৷ ইয়াৰ ফলত হিন্দু পশ্চিমবংগত সংখ্যালঘুত পৰিণত হ’বলৈ গৈ আছে৷
বাংলাদেশৰ পৰা অহা মিঞা মুছলমানক টিএমচিয়ে আধাৰ কার্ড দিয়ে, ৰেচন কার্ড দিয়ে৷ ইয়াৰ বিপৰীতে বাংলাদেশী মুছলমানে টিএমচিক ভোট দিয়ে৷ ইয়ে প্রমাণ কৰে যে বাংলাদেশী আৰু মমতাৰ মাজত ইলু ইলু চলি আছে৷ বিজেপি শাসনলৈ আহিলে অন্নপূর্ণা ভাণ্ডাৰ আঁচনিৰ জৰিয়তে প্রতিটো পৰিয়ালক ৩ হাজাৰ টকাকৈ, ২ লাখ যুৱক–যুৱতীক চৰকাৰী চাকৰি, নিবনুৱা যুৱক–যুৱতীক ভাট্টা প্রদান কৰিব৷
তদুপৰি পশ্চিমবংগত উদ্যোগীকৰণ কৰাৰ লগতে পশ্চিমবংগক সোণৰ বাংলা কৰাৰ ব্যৱস্থা ল’ব৷ যদি বিজেপি শাসনলৈ নাহে, তেন্তে অহা ২০ বছৰত পশ্চিমবংগত হিন্দুৰ অস্তিত্ব নাথাকিব৷ বাংলাদেশত হিন্দুৰ যি অৱস্থা হৈছে, সেই একে অৱস্থা পশ্চিমবংগতো হ’ব৷
আনহাতে অসমত এইবাৰ বিজেপিয়ে ১০০খন আসন দখলেৰে চেঞ্চুৰী মাৰিব বুলি দাবী কৰি মুখ্যমন্ত্রী ড০ শর্মাই নির্বাচনী প্রচাৰ সভাত কয়– পশ্চিমবংগত বিজেপিয়ে ডাব্ল চেঞ্চুৰী কৰিব৷ তেওঁ কয়– পশ্চিমবংগত এইবাৰ বিজেপি চৰকাৰ হোৱাটো নিশ্চিত৷
এইবাৰ আমি ২০০খন আসন লাভ কৰিম আৰু আমাৰ চৰকাৰ হ’ব৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই টিএমচিক সমালোচনা কৰি কয়–তৃণমূল কংগ্রেছৰ জোৰ কেৱল খাকী পোছাকৰ ভৰসাতহে আছে৷ যিদিনা সেই শক্তি যাব, সেইদিনাই খেল জমিব৷ আৰক্ষীৰ আঁৰ লৈ শক্তি দেখুওৱা তৃণমূল কংগ্রেছে অকলে মুখ্যমন্ত্রী হওক, তেতিয়া আমি দেখুৱাই দিম সনাতনীৰ শক্তি কিমান৷
উল্লেখ্য যে দুটা পর্যায়ত হ’বলগা পশ্চিমবংগৰ বিধানসভা নির্বাচনৰ বাবে ইতিমধ্যে ৰাজ্যখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে৷ আজি প্রথম পর্যায়ত নির্বাচনৰ বাবে প্রচাৰ অভিযানৰ অন্তিম দিনা নিজ দলৰ প্রার্থীৰ বাবে কেউটা ৰাজনৈতিক দলে ব্যাপক প্রচাৰ অভিযান চলায়৷
ডিজিটেল ডেস্ক, ২২ এপ্রিল