নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত পুৱতিনিশা পথ দুৰ্ঘটনা, উলটিল বাহন

জোনাইৰ আৱৰ লেকুস্থিত ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছৰ ওপৰত আজি পুৱতিনিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷

জানিব পৰামতে আজি পুৱতিনিশা প্ৰায় ৩.৩০ বজাত আৱৰ লেকুস্থিত ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছৰ ওপৰত পুৱতিনিশা সংঘটিত হয় এক পথ দুৰ্ঘটনা৷

দ্ৰুতগতিত যোৱা বাহনখনে ডিভাইডাৰ ভাঙি পথৰ পৰা বাগৰি দাতিত উলটি পৰি আছে। বাহনখনত তিনিজনকৈ লোক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে।

বাহনখন জোনাই তেলামৰ গাঁওপ্ৰধান কৰ্ক বাহাদুৰ ছেত্ৰীৰ বুলি জানিবলৈ দিয়ে স্থানীয় লোকে।

নিয়মীয়া বাৰ্তা, জোনাই, ২২ এপ্ৰিল

You might also like