মৃত কন্যাতকৈ ডিভোর্চি কন্যা বহুত ভাল৷ –প্রাক্তন মিছ পুনে ত্বিশা শর্মাৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ত এই কথা ক’লে কেন্দ্রৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই৷ লগতে শীর্ষ ন্যায়ালয়খনে জনায় যে স্বতন্ত্র সংস্থাই ত্বিশাৰ মৃত্যুৰ তদন্ত কৰা উচিত৷ –এই মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্যকান্ত নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে৷
উল্লেখযোগ্য যে বিবাহৰ মাত্র ৫ মাহ পিছতে স্বামীগৃহৰ পৰা উদ্ধাৰ হয় ত্বিশাৰ ওলমি থকা মৃতদেহ৷ ত্বিশাৰ মৃত্যুত নিজাববীয়াকৈ গোচৰ গ্রহণ কৰিছে উচ্চতম ন্যায়ালয়ে৷ সোমবাৰে মুখ্য ন্যায়াধীশ, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ বিপুল এম পাঞ্চালীৰ বিচাৰপীঠত গোচৰৰ শুনানি আৰম্ভ হয়৷
যিহেতু ত্বিশাৰ স্বামী এগৰাকী আইনজীৱী আৰু শাহু আই প্রাক্তন ন্যায়াধীশ গতিকে তদন্তত প্রভাৱিত কৰাৰ অভিযোগ উঠিছে তেওঁলোকৰ বিৰুদ্ধে৷ আনকি সংবাদ মাধ্যমৰ একাংশত এনেদৰেও কোৱা হৈছে অভিযুক্তসকলৰ বিচাৰ ৰুদ্ধ কৰি দিছে আইন বিভাগে৷
শীর্ষ ন্যায়ালয়খনে জনায় যে মুকলিকৈ এনে মন্তব্য কৰাটো মুঠেও উচিত নহয়৷ অভিযুক্তসকল আইন বিভাগৰ সৈতে যুক্ত বুলিয়ে তেওঁলোকৰ বিচাৰ হোৱা নাই এইটো ঠিক নহয়৷ ইতিমধ্যে চিবিআইৰ ওপৰত তদন্তৰ দায়িত্ব অর্পণ কৰিছে মধ্যপ্রদেশ চৰকাৰে৷
এই সিদ্ধান্তক আদৰণি জনাইছে শীর্ষ ন্যায়ালয়খনে৷ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠখনে জনাইছে– ‘খবৰ বিয়পি পৰিছিল যে আইন বিভাগৰ সংযোগ আছে বাবে বিচাৰ সঠিকভাৱে হোৱা নাই৷ সেই কাৰণে নিজাববীয়াকৈ গোচৰ লোৱা উচিত আছিল উচ্চতম ন্যায়ালয়ৰ৷’
শুনানি চলি থকা সময়ত মধ্যপ্রদেশ চৰকাৰৰ তৰফৰ পৰা ছলিচিটৰ জেনেৰেলে কয়, ‘স্বামীগৃহত এনে দুর্ভাগ্যজনক ঘটনা ঘটাতকৈ কন্যাগৰাকী ডিভোর্চি হোৱাটোৱেই বহু ভাল৷’ ত্বিশাৰ শাহু আয়ে বিভিন্ন ঠাইলৈ গৈ মৃত বোৱাৰীৰ নামত কুৎসা ৰটনা কৰিছে৷
এই কথাটো জনালে ছলিচিটৰ জেনেৰেলে৷ যৌতুকৰ দাবীত দীর্ঘদিন ধৰি নির্যাতনৰ চিকাৰ হৈছিল ত্বিশা৷ এই কথা জনায় তেওঁৰ পিতৃ–মাতৃয়ে৷ সমস্ত ঘটনাটোৰ তদন্ত কৰিছে চিবিআয়ে৷ মৃত্যুৰ ১২ দিন পিছত ত্বিশাৰ শেষকৃত্য সম্পন্ন কৰা হয় দেওবাৰে৷
ডিজিটেল ডেস্ক, ২৬ মে’