নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰৰ উড়ান আঁচনি ফলপ্ৰসূ : জ্যোতিৰাদিত্য সিন্ধিয়া

🔴দেশত বিগত ৯ বছৰত ৩ গুণ বৃদ্ধি বিমান যাত্ৰীৰ সংখ্যা

বিশেষ বাৰ্তা, ৭ ডিচেম্বৰঃ বিগত ৯ বছৰত বিমান যাত্ৰীৰ সংখ্যা ১৪ কোটিলৈ বৃদ্ধি পাইছে আৰু ২০২৩ চনৰ ভিতৰত এই সংখ্যা তিনিগুণ বৃদ্ধি পাই ৪২ কোটি হ’ব বুলি আশা কৰা হৈছে। লোকসভাত এই তথ্য অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ। বহুজন সমাজ পাৰ্টীৰ সাংসদ সংগীতা আজাদে বিমান ভাড়া বৃদ্ধিৰ সন্দৰ্ভত সোধা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। সিন্ধিয়াই কয় যে ২০১৪ চনৰ পিছত ৯ বছৰত বিমান যাত্ৰীৰ সংখ্যা ৬ কোটিৰ পৰা ১৪ কোটিলৈ বৃদ্ধি পাইছে, যিটো ২০৩০ চনৰ ভিতৰত তিনিগুণ বৃদ্ধি পাই ৪২ কোটি হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয় যে বিমান যাত্ৰীৰ সংখ্যা বৃদ্ধিৰ ক্ষেত্ৰতো ‘উড়ান’ আঁচনি ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে। তেওঁ কয় যে এই আঁচনিৰ অধীনত ৭৬টা বিমানবন্দৰৰ পৰা বিমান সেৱা আৰম্ভ কৰা হৈছে আৰু পৰিসংখ্যা অনুসৰি কম সময়ৰ ভিতৰতে উড়ান আঁচনিৰ অধীনত ১ কোটি ৩০ লাখ লোকে বিমানযোগে যাত্ৰা কৰিছে।

#বাৰ্তা ডেস্ক

You might also like