নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যমুনামুখত পাচলি বেপাৰীক নৃশংস হত্যা

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰ : হোজাই জিলাৰ যমুনামুখ থানাৰ অন্তৰ্গত সৰুপথাৰত সংঘটিত হয় এক ভয়ংকৰ লোমহৰ্ষক হত্যাকাণ্ড ৷ যমুনামুখৰ ডেকেৰুৱা গাঁৱৰ শাক পাচলি বিক্ৰী কৰা নুৰুল আমিন বাছাৰ নামৰ এজন যুৱকক নিশা দুৰ্বৃত্তই হত্যা কৰি পথৰ দাঁতিত পেলাই থৈ যোৱাৰ কথা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ শাক পাচলি বিক্ৰী কৰা ক্ষুদ্ৰ ব্যৱসায়ীজনৰ মৃত্যুক লৈ ক্ষোভিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী। পেলাই থোৱা মৃতদেহটো প্ৰত্যক্ষ কৰাৰ লগে লগে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে ৷ ইফালে পৰিয়ালৰ লোকক নুৰুলৰ হত্যাৰ খবৰ দিয়া মাত্ৰকে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ তাৎক্ষণিকভাৱে যমুনামুখ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় কৃষ্ণ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি থানালৈ লৈ যায়৷ লগতে মৃত লোকজনৰ চাইকেল আৰু পাচলিৰ মোনাটো উদ্ধাৰ কৰে আৰক্ষীয়ে । স্থানীয় লোকৰ পৰা জানিব পৰা মতে মৃত নুৰুল আমিন বাছাৰে প্ৰতিদিন পুৱা ঘৰৰ পৰা ওলাই গৈ কঠীয়াতলীৰ পৰা চাইকেলেৰে শাক পাচলি আনি গাঁৱে গাঁৱে নি বিক্ৰী কৰে। তেনেদৰে আজিও পুৱা ঘৰৰ পৰা ওলাই গৈ শাক-পাচলি বিক্ৰী কৰি নিশাৰ ভাগত ঘৰলৈ উভতি অহাৰ সময়ত বাটত নয়ন ঘোচ নামৰ লোকজনৰ লগত কিবা কথাত কাজিয়াত লিপ্ত হোৱাৰ ফলত হত্যা কৰি ৰাস্তাৰ দাঁতিত পেলাই থোৱা বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে। অভিযোগ অনুসৰি মাত্ৰ ২০ টকাৰ বাবে এই ঘটনা সংঘটিত কৰে নয়ন নামৰ লোকজনে। উল্লেখযোগ্য যে শাক পাচলি বিক্ৰী কৰি নিজৰ পৰিয়ালক পোহপাল দিছিল অতি দৰিদ্ৰ ব্যৱসায়ী নুৰুলে। বাতৰি লিখা পৰলৈকে ঘটনা সংক্ৰান্তত নয়ন ঘোচে হত্যাকাণ্ড সংঘটিত কৰাৰ কথা নিজে স্বীকাৰোক্তি দিয়াত যমুনামুখ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তগৰাকীক। ইপিনে নুৰুল আমিনৰ হত্যাকাৰীক উচিত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে আমছু হোজাই জিলা সমিতিৰ সভাপতি কবিৰ আহমেদ লস্কৰ, স্থানীয় যুৱ নেতা মইনুল উদ্দিন, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হোজাই জিলা সমিতিৰ সাধাৰণ সম্পাদক জাইদুল লস্কৰকে ধৰি পৰিয়ালৰ লোক সহ স্থানীয় ৰাইজে কঠোৰভাৱে দাবী জনায়।

প্ৰেৰক হাফিজ আব্দুল আহাদ

You might also like