নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিমাচলত কংগনাৰ হুংকাৰ– ‘হিৰোইন নহয়, মাণ্ডিৰ জীয়ৰী মই’

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ মাৰ্চঃ ৰাজনীতিত ভৰি দিয়েই বলীউডৰ অভিনেত্রী কংগনা ৰানাৱাটে পর্দাৰ বাহিৰতো নিজকে ‘মনিকর্নিকা’ ৰূপে প্রতিষ্ঠা কৰাৰ চেষ্টা চলাইছে৷ বিজেপিৰ প্রার্থী হিচাপে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা কংগনাই হিমাচল প্রদেশত নিজ সমষ্টি মাণ্ডিত উপস্থিত হৈ আজি আৰম্ভ কৰিলে প্রচাৰ৷ মাণ্ডিৰ ৰাজপথত হুডখোলা গাড়ীত কংগনাই মেগা ৰোডশ্ব’ত অংশগ্রহণ কৰি হুংকাৰ দিলে– ‘হিৰোইন নহয়, মই মাণ্ডিৰ জীয়ৰী৷’ বগা ৰঙৰ পোছাক পৰিহিতা কংগনাই ভোটাৰক আকর্ষণ কৰিবলৈ চেষ্টা চলোৱা দেখা গ’ল৷ এগৰাকী জননেত্রী হিচাপে নিজক প্রতিষ্ঠা কৰাৰ বাবে বিভিন্ন কৌশল আৰম্ভ কৰিছে কংগনা ৰাণাৱটে৷ মাণ্ডিত কংগনা মেজিকেৰে বিজেপিয়ে বিজয় সাব্যস্ত কৰিব বুলি বিভিন্ন মহলে ধাৰণা কৰিছে৷

You might also like