নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ বৰ্হমথুৰি বিহু দলৰ উদ্যোগত পুতলা নিৰ্মাণৰ কৰ্মশালা

নিয়মীয়া বাৰ্তা, ৩০মাৰ্চ : পুতলা নাচ। অসমৰ এক প্ৰাচীন লোককলা। লোকসংস্কৃতি জগতৰ অন্যতম শিল্পকলা পুতলা নাচে অতীজৰে পৰা অসমীয়াক আমোদ দি আহিছে ৷ মহাপুৰুষ শংকৰদেৱৰ আদি-দশমতো উল্লেখ আছে পুতলা নাচৰ প্ৰসংগ ৷সেই অনুসৰি শংকৰী যুগৰ পৰাই অসমত পুতলা নাচ চলি অহা বুলি ধাৰণা কৰা হয়৷ গুৰুজনাৰ চিহ্নযাত্ৰা নাটকতো অন্তৰ্ভুক্ত কৰা হৈছিল পুতলা নাচৰ কলা ৷ বাজিকৰৰ হাতত প্ৰাণ পাই উঠা নিৰ্জীৱ পুতলাই কথা কয়, নাচে, হাঁহে, কান্দে৷ বিজ্ঞান প্ৰযুক্তিৰে আগবাঢ়ি যোৱাৰ লগে লগে কালৰ গতিত লোপ পাইছে অসমৰ লোক সংস্কৃতিৰ অন্যতম অংগ পুতলা নাচ। পৰিৱৰ্তনৰ ধামখুমীয়াত হেৰাই গৈছে প্ৰাচীন কালৰে পৰা অসমত চলি অহা পুতলা নাচৰ চৰ্চা। ইয়াৰ মাজতেই ন-প্ৰজন্মক এই কলাৰ প্ৰতি আকৰ্ষণ কৰিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে ঢকুৱাখনাৰ এগৰাকী যুৱতীয়ে। নতুন প্ৰজন্মক পুতলা নিৰ্মাণ আৰু প্ৰশিক্ষণ প্ৰদান কৰি লুপ্তপ্ৰায় সংস্কৃতিক পুনৰোজ্জীৱিত কৰাৰ মহান উদ্দেশ্য আগত ৰাখি ঢকুৱাখনাৰ কাঠৰবাৰীৰ বৰ্হমথুৰি বিহু দলৰ উদ্যোগত সাত দিনীয়াকৈ অনুষ্ঠিত কৰা হয় ৯ বছৰ ঊৰ্ধৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পুতলা নিৰ্মান কলা ব্যৱহাৰৰ কৰ্মশালা।ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক পূৰবী বুঢ়াগোহাঁই আৰু যুৱ চিত্ৰশিল্পী বৰ্ণম ফুকনৰ তত্বাৱধানত যোৱা ২১ মাৰ্চৰ পৰা অনুষ্ঠিত হোৱা এই কৰ্মশালাত অঞ্চলটোৰ ২৬ জনকৈ কণ-কণ শিক্ষাৰ্থীয়ে অংশগ্ৰহন কৰে।সাতদিনীয়াকৈ অনুষ্ঠিত হোৱা কৰ্মশালাৰ অন্তত কালি অনুষ্ঠিত হয় সামৰণি অনুষ্ঠান। শুকুৰবাৰে সন্ধিয়া অনুষ্ঠিত কৰ্মশালাৰ সামৰণী অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলে উপস্থাপন কৰে ৭খনকৈ চুটি পুতলা নাট। সাংস্কৃতিক কৰ্মী তথা ঢকুৱাখনা এক্টিং একাডেমীৰ অধ্যক্ষ গৌৰৱ গগৈয়ে উদ্ধোধন কৰা অনুষ্ঠানটিত ব্যতিক্রমী কৃষ্টি পুতলা নাট চাইল আপ্লুত হৈ পৰে ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক দৰ্শক। কণ কণ প্ৰশিক্ষাৰ্থী ছাত্ৰ-ছাত্ৰীসকলেও পুতলা তৈয়াৰ আৰু সঞ্চালনৰ কৰি অভিভূত হৈ পৰে। কোনো দিনাই নেদেখা কলা এটাক নিজে সৃষ্টি কৰি জীৱন্ত ৰূপ দি আত্মহাৰা হৈ পৰে সকলো প্ৰশিক্ষাৰ্থী।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like