লোকসভাৰ প্রথম পর্যায়ত ৭১৬ কোটিৰ সম্পত্তিৰে শীৰ্ষত কংগ্ৰেছী নকুল
নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ এপ্ৰিলঃ লোকসভা নির্বাচনৰ অহা ১৯ এপ্রিলত ভোটগ্রহণ হ’বলগীয়া প্রথম পর্যায়ৰ প্রার্থী তালিকা ইতিমধ্যে চূড়ান্ত হৈছে৷ প্রথম পর্যায়ত প্রার্থীৰ ভিতৰত কোন প্রার্থীৰ সম্পত্তি বেছি, সেই সন্দর্ভত এছ’চিয়েচন অৱ ডেম’ক্রেটিক ৰিফর্মছ, চমুকৈ এডিআৰে এখন তালিকা প্রকাশ কৰিছে৷ এই তালিকাত শীর্ষ স্থানত আছে মধ্যপ্রদেশৰ প্রাক্তন কংগ্রেছী মুখ্যমন্ত্রী কমল নাথৰ পুত্র সাংসদ নকুল নাথ৷ মধ্যপ্রদেশৰ সিন্ধৱাড়াৰ লোকসভা প্রার্থী নকুল নাথৰ সম্পত্তিৰ পৰিমাণ ৭১৬ কোটি টকা৷ দ্বিতীয় স্থানত আছে তামিলনাডুৰ ইৰোড সমষ্টিৰ এআইএডিএমকেৰ প্রার্থী অশোক কুমাৰ৷ কুমাৰৰ সম্পত্তিৰ পৰিমাণ ৬৬২ কোটি টকা৷ তালিকাৰ তৃতীয় স্থানত আছে বিজেপি নেতা তথা শিৱগংগাৰ প্রার্থী দেৱানাথন যাদৱ৷ বিজেপিৰ প্রার্থী যাদৱৰ সম্পত্তিৰ পৰিমাণ ৩০৪ কোটি টকা৷ চতুর্থ স্থানত উত্তৰাখণ্ডৰ তেহৰি গাৰৱালৰ বিজেপি প্রার্থী মালা ৰাজ্য লক্ষ্মী শ্বাহ৷ পঞ্চম স্থানত উত্তৰ প্রদেশৰ ছাহাৰানপুৰৰ বিএছপি প্রার্থী মজিদ আলী৷