নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানত বানঃ প্ৰতিকিলো পিঁয়াজ-বিলাহীৰ দাম ৭০০ টকাঃ ভাৰতৰ পৰা আমদানিৰ ইংগিত পাক বিত্তমন্ত্ৰীৰ

বিশেষ বাৰ্তা, ২৯ আগষ্টঃ পাকিস্তানত বানপানীৰ ফলত শাক-পাচলি আৰু ফল-মূলৰ দাম বৃদ্ধি হোৱাৰ সময়তে পাকিস্তান চৰকাৰে ভাৰতৰ পৰা আমদানি কৰিব পাৰে বিলাহী-পিয়াজ। কাৰণ লাহোৰ আৰু পঞ্জাৱ প্ৰদেশৰ অন্যান্য প্ৰান্তত বিধ্বংসী বানপানীৰ ফলত বিভিন্ন শাক-পাচলি আৰু ফল-মূলৰ দাম ব্যাপকভাৱে বৃদ্ধি পাইছে। বানপানীৰ বাবে বেলুচিস্তান, সিন্ধ আৰু দক্ষিণ পঞ্জাৱৰ পৰা অহা শাক-পাচলিৰ যোগান বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। লগতে ঘৰ-দুৱাৰ আৰু হোটেলৰো ক্ষতি হৈছে। পাকিস্তানৰ সংবাদ মাধ্যমৰ উদ্ধৃতিৰে নিউজ এজেন্সী এন এ আইয়ে প্ৰকাশ কৰিছে যে পাকিস্তানৰ বিত্তমন্ত্ৰী মিফতা ইছমাইলে বানপানী আৰু খাদ্য-পানীয়কে ধৰি অন্যান্য বস্তুৰ উচ্চ মূল্যৰ বাবে ভাৰতৰ সৈতে বাণিজ্যিক পথ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। ইছলামবাগত এখন সংবাদ মেলত পাকিস্তানৰ বিত্তমন্ত্ৰী ইছমাইলে কয় যে বানপানীৰ ফলত দেশৰ অৰ্থনীতি কমেও ১০ বিলিয়ন ডলাৰ হেৰুৱাইছে। লাহোৰত অৱস্থিত বজাৰখনৰ পাইকাৰী বিক্ৰেতা ৰিজৱীয়ে কয় যে অনাগত দিনত প্ৰতি কেজিত পিঁয়াজ আৰু বিলাহীৰ দাম ৭০০ টকা অতিক্ৰম কৰিব পাৰে। একেদৰে আলুৰ মূল্য প্ৰতি কেজি ৪০ টকাৰ পৰা ১২০ টকালৈ বৃদ্ধি পাইছে। লাহোৰ মাৰ্কেট কমিটিৰ সম্পাদক শ্বাহজাদ চিমাই জনোৱা মতে, বানপানীৰ বাবে বজাৰত কেপচিকামৰ দৰে শাক-পাচলিও হ্ৰাস পাইছে। ভাৰতৰ পৰা চৰকাৰে পিঁয়াজ, বিলাহী আমদানি কৰিব পাৰে বুলিও চীমাই কয়। ইৰান চৰকাৰে আমদানি-ৰপ্তানিৰ ওপৰত কৰ বৃদ্ধি কৰাৰ বাবে ইৰানৰ পৰা বেলুচিস্তানৰ মাজেৰে শাক-পাচলি আমদানি কৰাটো সহজ নহয় বুলিও তেওঁ কয়।

You might also like