নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩১ আগষ্টত মুকলি হ’ব MG Glosterৰ আপডেট সংস্কৰণ

বিশেষ বাৰ্তা, ২৯ আগষ্টঃ ৩১ আগষ্টত মুকলি হ’ব MG Glosterৰ আপডেট সংস্কৰণ। গাড়ীখনত ৭টা ড্ৰাইভিং মোড যেনে Sand, Eco, Snow, Sport, Mud, Rock আৰু Auto থাকিব। অফ-ৰোডিং গাড়ীখনত ৮ স্পীড অটোমেটিক ট্ৰেন্সমিছনৰ ব্যৱস্থা পোৱা যাব। শেহতীয়াকৈ এম জি মটৰে এটা টিজাৰ মুকলি কৰি জনাইছে যে ইয়াৰ SUV Glosterৰ নতুন সংস্কৰণ অতি সোনকালে বজাৰত মুকলি কৰা হ’ব। উল্লেখযোগ্য যে কোম্পানীটোৱে নিজৰ অতি জনপ্ৰিয় মডেল হেক্টৰৰ ফেচলিফ্ট সংস্কৰণো মুকলি কৰাৰ বাবে প্ৰস্তুতি চলাইছে। ২০২০ চনত এম জিয়ে প্ৰথমবাৰৰ বাবে নিজৰ Gloster SUV মুকলি কৰিছিল আৰু কোম্পানীয়ে বহুত ফিচাৰ আপডেটৰ সৈতে পুনৰ মুকলি কৰাৰ প্ৰস্তুতি চলাইছে। ইয়াত এটা ডাঙৰ সংযোগ হিচাপে ADASৰ নিৰাপত্তা ব্যৱস্থা থাকিব। যিটো যোৱা বছৰ এম জিয়ে ইয়াৰ কমপেক্ট এছ ইউ ভি মডেল এষ্টাৰত দিছিল। মুকলি কৰাৰ পিছত এই SUVয়ে হুণ্ডাইৰ সদ্য মুকলি কৰা Tucson SUVৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব। ইফালে, গাড়ীখনৰ ইঞ্জিন আৰু শক্তি সম্বন্ধে বহু নতুনত্ব আছে। সেই হিচাপে নতুন এম জি গ্ল’চেষ্টাৰক শক্তি প্ৰদান কৰা হৈছে ২.০ লিটাৰৰ টুইন টাৰ্বো ডিজেল, যিয়ে সৰ্বোচ্চ শক্তি ২১৮ পি এছ আৰু সৰ্বোচ্চ টৰ্ক ৪৮০ এন এম উৎপন্ন কৰে। গাড়ীখনত ৭টা ড্ৰাইভিং মোড যেনে Sand, Eco, Snow, Sport, Mud, Rock আৰু Auto দিব পাৰিব। অফ-ৰোডিং গাড়ীখনত ৮ স্পীড অটোমেটিক ট্ৰেন্সমিছনৰ ব্যৱস্থা পোৱা যাব। লগতে গাড়ীখনত বিশেষ বৈশিষ্ট্য হিচাপে বৃহৎ টাচস্ক্ৰীণ ইনফ’টেইনমেণ্ট চিষ্টেম, আইস্মাৰ্ট ফাংচন, হিটেড ড্ৰাইভাৰ আৰু ফ্ৰন্ট পেচেঞ্জাৰ চিট, পেনোৰামিক ছানৰুফ, হাই-এণ্ড ছেফটি, গ্লষ্টাৰ ড্ৰাইভাৰ ছিট মালিচ ফাংচনৰ উপৰি ৭০টাতকৈও অধিক সংযুক্ত বৈশিষ্ট্য থাকিব। সুৰক্ষা বৈশিষ্ট্যৰ কথা ক’বলৈ গ’লে ইয়াত এডাপ্টিভ ক্ৰুজ কণ্ট্ৰ’ল, ব্লাইণ্ড স্পট ডিটেকচন, ফৰৱাৰ্ড কলিচন ৱাৰ্নিং, লেন ডিপাৰ্চাৰ ৱাৰ্নিং, অটোমেটিক পাৰ্কিং এছিষ্ট, অটোমেটিক ইমাৰ্জেন্সি ব্ৰেকিং আদি থাকিব।

You might also like