নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনতাক মাধমাৰ শোধাই বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ দাম

দেশবাসীক পুনৰ মাধমাৰ! বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম। শুকুৰবাৰৰ পৰা দেশজুৰি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য পুনৰ বৃদ্ধি কৰা হৈছে। নতুন নিৰ্ধাৰিত মূল্য অনুসৰি প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৩ টকা ১৪ পইচাকৈ বৃদ্ধি পাইছে। আনহাতে, প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৩ টকা ১১ পইচাকৈ বৃদ্ধি পোৱা দেখা গৈছে।

আন্তঃৰাষ্ট্ৰীয় বজাৰত অশোধিত তেলৰ মূল্যবৃদ্ধি আৰু পশ্চিম এছিয়াৰ সংঘাতজনিত যোগান সংকটৰ ফলতেই এই মূল্যবৃদ্ধি কৰা হৈছে বুলি জানিব পৰা গৈছে। নতুন মূল্যবৃদ্ধিৰ ফলত সাধাৰণ জনতাৰ ওপৰত পুনৰ আৰ্থিক বোজা বৃদ্ধি পাব বুলি আশংকা প্ৰকাশ কৰা হৈছে।

ডিজিটেল ডেস্ক, ১৫ মে’

You might also like