নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্ৰত বিশাল পৰিমাণৰ ড্ৰাগছ জব্দ আৰক্ষীৰ

বিশেষ বাৰ্তা, ১২ ডিচেম্বৰঃ মহাৰাষ্ট্ৰ আৰক্ষীয়ে উদঙাই দিলে ড্ৰাগছ ব্যৱসায়ৰ এক বৃহৎ গোচৰ। ৰায়গড় জিলাৰ খোপোলিত ‘আঞ্চল কেমিকেল’ নামৰ ঔষধ কোম্পানীটোত আৰক্ষীয়ে অভিযান চলাই ১০৭ কোটি টকাৰ এম ডি ড্ৰাগছ জব্দ কৰে। এই গোচৰত তিনিজন ড্ৰাগছ সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ জেৰাৰ সময়ত তেওঁ ড্ৰাগছ লুকুৱাই ৰখা আন বহু ঠাইৰ ঠিকনা প্ৰকাশ কৰে। সেই গুদামত আৰক্ষীয়ে অভিযান চলাই আন্তঃৰাষ্ট্ৰীয় বজাৰত ২১৮ কোটি টকাৰ ১৭৪ কেজি এম ডি ড্ৰাগছ জব্দ কৰে। দুয়োটা অভিযানতে ৩২৫ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে। ৰায়গড় আৰক্ষীৰ তথ্য অনুসৰি কিছুদিন পূৰ্বে ৰায়গড় জিলাৰ খোপোলিত “আঞ্চল কেমিকেল” নামৰ ঔষধ কোম্পানী এটাত অভিযান চলাইছিল। এই গোচৰত নিচাযুক্ত দ্ৰব্য আৰু মনোৰোগী পদাৰ্থ আইন-১৯৮৫ (এন ডি পি এছ আইন)ৰ অধীনত তিনিজন ড্ৰাগছ সৰবৰাহকাৰী কমল জয়ছোৱানী, মতীন শইখ আৰু এণ্টনি কুৰুকুটিকাৰণক গ্ৰেপ্তাৰ কৰা হৈছে। মহাৰাষ্ট্ৰ আৰক্ষীৰ কংকন ৰেঞ্জৰ আৰক্ষী মহাপৰিদৰ্শকে জনোৱা মতে, তিনিওজন অভিযুক্তক আদালতত হাজিৰ কৰাই ১৪ ডিচেম্বৰলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়। আৰক্ষীৰ জিম্মাত থকা অভিযুক্তই কোম্পানীটোৱে লুকুৱাই ৰখা ড্ৰাগছৰ তথ্য দিয়াৰ পিছতহে আৰক্ষীয়ে ১৭৪ কেজিৰ দ্বিতীয়টো ডাঙৰ চালান উদ্ধাৰ কৰে। আই জিয়ে জনোৱা মতে, আন্তঃৰাষ্ট্ৰীয় বজাৰত উদ্ধাৰ হোৱা ঔষধৰ দুয়োটা চালানৰ মূল্য ৩২৫ কোটি টকা বুলি অনুমান কৰা হৈছে। ৰায়গড় আৰক্ষী বিষয়াৰ মতে, এই গুদামত পোৱা ড্ৰাগছ বিগত ২ মাহ ধৰি ৰখাৰ সন্দেহ কৰা হৈছে। নৱী মুম্বাইৰ জৱাহৰ লাল নেহৰু প’ৰ্ট ট্ৰাষ্টৰ পৰা ভুৱা নথি প্ৰস্তুত কৰি বিভিন্ন দেশলৈ ড্ৰাগছ যোগান ধৰিছিল অভিযুক্তই। অভিযুক্তই কোন দেশলৈ কিমান চালান ড্ৰাগছ যোগান ধৰিছে আৰু ক’ত ড্ৰাগছ লুকুৱাই ৰাখিছে সেই কথা জানিবলৈ এতিয়া ব্যস্ত হৈ পৰিছে আৰক্ষী।

#বাৰ্তা ডেস্ক

You might also like