নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিমানত লগত নিলেও ব্যৱহাৰ কৰিব নোৱাৰিব এইবিধ সামগ্ৰী… ডিজিচিএৰ নিৰ্দেশনা

নিউজ ডেস্ক, ৫ জানুৱাৰী : এতিয়াৰ পৰা আৰু বিমানযাত্রাৰ সময়ত ব্যৱহাৰ কৰিব নোৱাৰিব পাৱাৰ বেংক৷ এই নির্দেশনা জাৰি কৰিছে অসামৰিক বিমান নিয়ন্ত্রক সংস্থা ডিজিচিএ-ই৷ অৱশ্যে ম’বাইল বা ডিজেটেল ডিভাইচ চার্জৰ বাবে বিমানৰ চার্জিং পইণ্ট ব্যৱহাৰ কৰিব পাৰিব৷ লগতে জনোৱা হৈছে যে বিমান যাত্রাকালত পাৱাৰ বেংক ব্যৱহাৰ কৰিব নোৱাৰিলেও হেণ্ডবেগত তাক কঢ়িয়াই নিব পাৰিব৷

‘বিপজ্জনক পণ্য পৰামর্শ চার্কুলাৰ’ত ডিজিচিএই এই নির্দেশ প্রদান কৰি কৈছে যে পাৱাৰ বেংকত ব্যৱহূত উচ্চ ক্ষমতাসম্পন্ন বেটাৰী অতি সোনকালে গৰম হৈ উঠে বাবে সি ফাটি গ’লে ডাঙৰ দুর্ঘটনা সংঘটিত হ’ব পাৰে৷ সেইবাবে সাৱধানতা অৱলম্বন কৰিয়েই এই নির্দেশনা জাৰি কৰা হৈছে বুলি কোৱা হৈছে৷

ভাৰততেই যে প্রথম এনেধৰণৰ নির্দেশ জাৰি কৰা হৈছে তেনে নহয়, ইতিমধ্যে ছিংগাপুৰ বা ইউনাইটেড আৰব এমিৰেটছৰ দৰে একাধিক দেশত এই নিয়ম চলি আছে৷ উল্লেখযোগ্য যে যোৱা বছৰ অক্টোবৰ মাহত দিল্লী বিমানবন্দৰত ডিমাপুৰগামী বিমান এখনত এজন যাত্রীৰ পাৱাৰ বেংকত জুই লগাৰ ঘটনা সংঘটিত হৈছিল৷

You might also like