নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লী বিস্ফোৰণত নিহত ৬ মৃতদেহৰ পৰিচয় নিশ্চিত

দিল্লীৰ লালকিল্লাৰ ওচৰত সোমবাৰে সংঘটিত ভয়ংকৰ বোমা বিস্ফোৰণৰ তদন্ত অব্যাহত আছে। আৰক্ষী বিষয়াই সংবাদ মাধ্যমত জনায় যে ইউএপিএ, বিস্ফোৰক আইন আৰু ভাৰতীয় ন্যায় সংহিতা (BNS)ৰ অধীনত ইতিমধ্যে এটা এফআইআৰ দাখিল কৰা হৈছে।

তেওঁ কয়, “তদন্ত আৰম্ভ হৈ গৈছে আৰু দিল্লী আৰক্ষী, এফ.এছ.এল. আৰু এন.এছ.জি.-ৰ কেইবাটাও বিশেষ দল ঘটনাস্থলত উপস্থিত। তেওঁলোকে সকলো প্ৰমাণ সংগ্ৰহ কৰি তদন্তত সহায় কৰি আছে। এই তদন্ত এতিয়াও প্রাথমিক স্তৰত আছে, সেয়ে এতিয়া মন্তব্য কৰাটো সমীচীন নহ’ব।”

ইফালে এল.এন.জে.পি. (লোকনায়ক জয়প্ৰকাশ হাস্পতালত বিস্ফোৰণত নিহতসকলৰ মৰণোত্তৰ পৰীক্ষা চলি আছে। ইতিমধ্যে ৫টা মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে। এতিয়াও দুই-এটা অজ্ঞাত মৃতদেহ আছে। কিন্তু ইতিমধ্যে ৬টা মৃতদেহৰ পৰিচয় নিশ্চিত কৰিবলৈ সক্ষম হৈ আৰক্ষী।

উল্লেখ্য যে এতিয়ালৈ মৃতকৰ নাম প্ৰকাশ কৰা হোৱা নাই।

আৰক্ষীয়ে জনায়, প্ৰমাণ সংগ্ৰহ আৰু চিনাক্তকৰণৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে পৰৱৰ্তী তদন্তৰ গতি তীব্ৰ কৰা হ’ব।

ডিজিটেল ডেস্ক, ১১ নৱেম্বৰ

You might also like