নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশেষ লেখা : ইটালী আৰু ভাৰত : ভাৰত-ভূমধ্যসাগৰীয় অঞ্চলৰ বাবে এক কৌশলগত অংশীদাৰিত্ব

-নৰেন্দ্ৰ মোদী, ভাৰতৰ প্ৰধানমন্ত্ৰী

জৰ্জিয়া মেল’নি, ইটালী গণৰাজ্যৰ মন্ত্ৰী পৰিষদৰ অধ্যক্ষা

ভাৰত আৰু ইটালীৰ সম্পৰ্ক এতিয়া নিৰ্ণায়ক পৰ্যায়ত উপনীত হৈছে। শেহতীয়া বছৰবোৰত দুইখন দেশৰ সম্পৰ্ক অভূতপূৰ্ব গতিৰে সম্প্ৰসাৰিত হৈছে। এয়া কেৱল এক আন্তৰিক বন্ধুত্বতে সীমাবদ্ধ হৈ থকা নাই, বৰঞ্চ, স্বাধীনতা তথা গণতন্ত্ৰৰ মূল্যবোধৰ ওপৰত ভিত্তি কৰি বিশেষ কৌশলগত অংশীদাৰিত্বলৈ প্ৰসাৰিত হৈছে। লগতে ই ভৱিষ্যতৰ বাবে এক উমৈহতীয়া দৃষ্টিভংগীলৈও বিকশিত হৈছে।

যিটো সময়ত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ আমূল পৰিৱৰ্তন ঘটিছে, সেই সময়ত ইটালী আৰু ভাৰতৰ মাজৰ অংশীদাৰিত্ব উচ্চ ৰাজনৈতিক তথা প্ৰতিষ্ঠানিক পৰ্যায়ত নিয়মীয়া আদান-প্ৰদানৰ জৰিয়তে পৰিচালিত হৈছে। লগতে, ই আমাৰ অৰ্থনৈতিক গতিশীলতা, সমাজৰ সৃষ্টিশীলতা আৰু সহস্ৰাব্দ পুৰণি সভ্যতাবাদী জ্ঞানক একত্ৰিত কৰা এক নতুন আৰু উচ্চ মাত্ৰাত অৱতৰণ কৰিছে । আমাৰ এই সহযোগিতাই এই কথাক প্ৰতিফলিত কৰে যে ২১ শতিকাৰ প্ৰগতি আৰু নিৰাপত্তাই দেশসমূহৰ উদ্ভাৱন, শক্তিৰ পৰিৱৰ্তন পৰিচালনা আৰু কৌশলগত সাৰ্বভৌমত্ব শক্তিশালী কৰাৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিব। ইয়াৰ বাবে আমি নতুন লক্ষ্যৰে আগবাঢ়িম আৰু আমাৰ পৰিপূৰক শক্তিসমূহক একত্ৰিত কৰাৰ লক্ষ্যৰে আমাৰ দ্বিপাক্ষিক সম্পৰ্কক অধিক গভীৰ তথা বৈচিত্ৰ্যময় কৰাৰো প্ৰতিশ্ৰুতি পালন কৰিম। আমি ইটালীৰ আৰ্হি, উৎপাদনৰ ক্ষেত্ৰত দেখুওৱা উৎকৃষ্টতা তথা বিশ্বমানৰ ছুপাৰ কম্পিউটাৰৰ মাজত এক শক্তিশালী সহযোগিতা গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰিছো— যিয়ে ঔদ্যোগিক শক্তিশালী দেশ হিচাপে ইটালীৰ স্থিতিক প্ৰতিফলিত কৰাৰ লগতে আৰু ভাৰতৰ দ্ৰুত অৰ্থনৈতিক বৃদ্ধি, অভিযান্ত্ৰিক প্ৰতিভা, পৰিসৰ আৰু উদ্ভাৱন আৰু ১০০ টাতকৈও অধিক ইউনিকৰ্ণ , ২ লাখ ষ্টাৰ্ট-আপৰ সৈতে উদ্যোগীকৰণ পৰিৱেশ তন্ত্ৰক প্ৰতিফলিত কৰে। এয়া কোনো সহজ সংহতি নহয়, বৰঞ্চ এয়া সহ-সৃষ্টি , য’ত আমাৰ নিজ নিজ ঔদ্যোগিক শক্তিয়ে ইখন দেশে সিখন দেশৰ বিকাশত সহায় কৰিছে।

ইউৰোপীয় সংঘ আৰু ভাৰতৰ মাজত হোৱা মুক্ত বাণিজ্য চুক্তিয়ে দুয়োখন দেশতে বাণিজ্য আৰু বিনিয়োগ বৃদ্ধিৰ পথ প্ৰশস্ত কৰিছে। আমি ২০২৯ চনৰ ভিতৰত ইটালী আৰু ভাৰতৰ মাজত বাণিজ্যৰ ক্ষেত্ৰত ২০ বিলিয়ন ইউৰোৰ লক্ষ্যত উপনীত হ’ব বিচাৰো আৰু সেয়া পিছলৈ অতিক্ৰম কৰিব বিচাৰো। প্ৰতিৰক্ষা আৰু মহাকাশ, স্বচ্ছ প্ৰযুক্তি, যন্ত্ৰপাতি, অটোমোটিভ উপাদান, ৰাসায়নিক পদাৰ্থ, ঔষধ, বস্ত্ৰশিল্প, কৃষি খাদ্য, পৰ্যটন আদি বিষয়ত গুৰুত্ব আৰোপ কৰি আমি এই লক্ষ্যত উপনীত হ’ব বিচাৰো।

“মেড ইন ইটালী” সদায় বিশ্বজুৰি উৎকৃষ্টতাৰ সমাৰ্থক হৈ আহিছে আৰু আজি ই “মেক ইন ইণ্ডিয়া” পদক্ষেপৰ উচ্চমানৰ লক্ষ্যৰ সৈতে সহযোগিতাৰ পথ বিচাৰি পাইছে।

আমাৰ অংশীদাৰিত্বৰ মূলতে আছে প্ৰযুক্তিগত উদ্ভাৱন। অনাগত দশকসমূহক কৃত্ৰিম বুদ্ধিমত্তা, কোৱাণ্টাম কম্পিউটিং, উন্নত উৎপাদন, জটিল খনিজ পদাৰ্থ আৰু ডিজিটেল আন্তঃগাঁথনিৰ দৰে খণ্ডৰ অগ্ৰগতিৰ দ্বাৰা আৰু পৰিমাপ কৰিব নোৱাৰা পৰিসৰৰ প্ৰযুক্তিগত বিপ্লৱৰ দ্বাৰা চিহ্নিত কৰা হ’ব । ভাৰতৰ গতিশীল উদ্ভাৱন পৰিৱেশ তন্ত্ৰৰ লগতে উচ্চ দক্ষ পেছাদাৰী প্ৰতিভা আৰু ইটালীৰ উন্নত ঔদ্যোগিক ক্ষমতাই এনে খণ্ডসমূহত আমাৰ সহযোগিতাক স্বাভাৱিক তথা কৌশলগত উভয় দিশতে সহায় কৰিছে। আমাৰ বিশ্ববিদ্যালয় আৰু গৱেষণা কেন্দ্ৰসমূহৰ মাজত ক্ৰমবৰ্ধমান অংশীদাৰিত্বই ইয়াক সমৰ্থন কৰিব।ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিয়ে ইতিমধ্যে বিশেষকৈ গ্ল’বেল চাউথৰ বহু সংখ্যক দেশৰ সৈতে সহযোগিতাৰ পৰিবেশ গঢ়ি তুলিছে।

বিশেষকৈ কৃত্ৰিম বুদ্ধিমত্তাই ইতিমধ্যে আমাৰ সমাজ আৰু বিশ্ব অৰ্থনীতিত প্ৰভাৱ পেলাইছে। ইটালী আৰু ভাৰতে দীৰ্ঘদিন ধৰি সহযোগিতাৰ প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে যাতে এআইৰ বিকাশ দায়বদ্ধ আৰু মানবকেন্দ্ৰিক হয়। এই দৃষ্টিকোণৰ পৰা ভাৰত আৰু ইটালীয়ে এআইক সৰ্বাংগীন উন্নয়নৰ বাবে এক শক্তিশালী আহিলা হিচাপে গ্ৰহণ কৰিছে , বিশেষকৈ গ্ল’বেল চাউথৰ বাবে, য’ত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু সুলভ, বহুভাষিক প্ৰযুক্তিয়ে বিভাজনক গভীৰ কৰাৰ পৰিৱৰ্তে সেতুবন্ধন কৰিব পাৰে।

আমাৰ এই পদ্ধতিয়ে ভাৰতৰ ডিজিটেল ক্ষমতাক ইটালীৰ নৈতিক তথা ঔদ্যোগিক বিশেষজ্ঞতাৰ সৈতে সংযুক্ত কৰি প্ৰযুক্তিয়ে মানৱ সমাজৰ সেৱা কৰাটো নিশ্চিত কৰিছে। সুৰক্ষিত ডিজিটেল সহযোগিতা, সামৰ্থ্য বৃদ্ধি আৰু স্থিতিস্থাপক চাইবাৰ আন্তঃগাঁথনিৰ উত্তম পদ্ধতিসমূহ ভাগ-বাটোৱাৰা কৰি আমি এক মুকলি, বিশ্বাসযোগ্য আৰু সমতাপূৰ্ণ ডিজিটেল স্থান সৃষ্টি কৰাৰ লক্ষ্য আগত ৰাখিছো । য’ত প্ৰতিখন দেশে এআইক গঢ় দিব পাৰে আৰু ইয়াৰ পৰা লাভাৱান্বিত হ’ব পাৰে।

এই দৃষ্টিভংগীয়েই ইটালীৰ জি-৭ অধ্যক্ষতা আৰু নতুন দিল্লীত অনুষ্ঠিত হোৱা এআই ইমপেক্ট ছামিট ২০২৬ৰ ফলাফলক এক নতুন ৰূপ প্ৰদান কৰিছে। মানুহে মানুহৰ বাবে সৃষ্টি কৰা আহিলা হিচাপে এআইক গ্ৰহণ কৰাৰ অৰ্থ হ’ল এয়াই যে প্ৰযুক্তিয়ে ব্যক্তিৰ ঠাই ল’ব নোৱাৰে বা তেওঁলোকৰ মৌলিক অধিকাৰক ক্ষতিগ্ৰস্ত কৰিব নোৱাৰে, ৰাজহুৱা বিতৰ্কত বিষয় বা গণতান্ত্ৰিক প্ৰক্ৰিয়া সলনি কৰিবলৈও ই ব্যৱহাৰ হ’ব নোৱাৰে। ক্ৰমান্বয়ে আন্তঃসংযোগী পৃথিৱীখনত স্বাধীনতা তথা মানৱ সমাজৰ মৰ্যাদা ৰক্ষাৰ বাবে আমাৰ দৃষ্টিভংগী এই প্ৰত্যাহ্বানক কেন্দ্ৰ কৰিয়েই নিৰ্ধাৰণ কৰা হৈছে। আমাৰ সহযোগিতাই মহাকাশ খণ্ডকো সামৰি লৈছে। মহাকাশ অন্বেষণ আৰু উপগ্ৰহ প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ আকৰ্ষণীয় উন্নতিৰ লগতে ইটালীৰ মহাকাশ অভিযান্ত্ৰিকতাৰ উৎকৰ্ষতাই যৌথ পদক্ষেপ তথা পৰৱৰ্তী প্ৰজন্মৰ প্ৰযুক্তিৰ বিকাশৰ বাবে উল্লেখযোগ্য সুযোগ প্ৰদান কৰিছে ।

দেশসমূহৰ সমৃদ্ধি নিশ্চিত কৰাৰ বাবে নিৰাপত্তা আৰু স্থিতিশীলতা অতি প্ৰয়োজনীয় বিষয় হৈ পৰিছে। ইটালী আৰু ভাৰতে প্ৰতিৰক্ষা, নিৰাপত্তা আৰু কৌশলগত প্ৰযুক্তিৰ দৰে খণ্ডত সহযোগিতা অধিক শক্তিশালী কৰাৰ মনস্থ কৰিছে। আমাৰ সহযোগিতাই জটিল সামুদ্ৰিক পথসমূহৰ নিৰাপত্তা নিশ্চিত কৰাত সহায় কৰিব, সন্ত্ৰাসবাদ, আন্তঃৰাষ্ট্ৰীয় অপৰাধমূলক নেটৱৰ্ক, ড্ৰাগছ সৰবৰাহ, চাইবাৰ-অপৰাধ আৰু মানৱ সৰবৰাহ আদিৰ দৰে ভাবুকিৰ সন্মুখত স্থিতিস্থাপকতাক শক্তিশালী কৰিব।

শক্তি হৈছে আমাৰ অংশীদাৰিত্বৰ আন এক মূল স্তম্ভ। বৈচিত্ৰ্যপূৰ্ণ শক্তিৰ উৎসৰ দিশত বিশ্বব্যাপী পৰিৱৰ্তনৰ বাবে উদ্ভাৱন, বিনিয়োগ, আৰু সহযোগিতাৰ প্ৰয়োজন। ভাৰত আৰু ইটালীয়ে নবীকৰণযোগ্য শক্তিৰ পৰা হাইড্ৰজেন প্ৰযুক্তিলৈকে আৰু স্মাৰ্ট গ্ৰীডৰ পৰা স্থিতিস্থাপক আন্তঃগাঁথনিলৈকে সহযোগিতা আগবঢ়াইছে। ভাৰতে সেউজ হাইড্ৰজেন ৰপ্তানিৰ কেন্দ্ৰ হিচাপে নিজকে গঢ়ি তোলাৰ পদক্ষেপে অপৰিসীম সম্ভাৱনা কঢ়িয়াই আনিলেও ই নবীকৰণযোগ্য আন্তঃগাঁথনিৰ ক্ষেত্ৰত ইটালীৰ উন্নত প্ৰযুক্তি তথা ইউৰোপৰ বাবে শক্তিৰ প্ৰৱেশদ্বাৰ হিচাপে ইয়াৰ কৌশলগত ভূমিকাক উজ্জল কৰি তুলিব বিচাৰে । ভাৰতৰ নেতৃত্বত চলি থকা মূল পদক্ষেপসমূহ—আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা (আই এছ এ), ক’লিচন ফৰ ডিজাষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ (চি ডি আৰ আই) আৰু গ্ল’বেল বায়’ফুৱেলছ এলায়েন্স (জি বি এ)—ত আন দেশৰ সৈতে আমাৰ সহযোগিতাও এই প্ৰেক্ষাপটত গুৰুত্বপূৰ্ণ কথা হৈ পৰিছে।

বাস্তৱিক, ডিজিটেল আৰু মানৱীয় সংযোগে আমাক একেলগ কৰিছে । ভাৰত আৰু ইটালী দুয়োখন দেশেই বিশ্ব অৰ্থনীতিৰ দুটা গুৰুত্বপূৰ্ণ কেন্দ্ৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় আৰু ভূমধ্যসাগৰৰ একেবাৰে কেন্দ্ৰবিন্দুত অৱস্থিত— যিবোৰ অঞ্চলক পৃথক গোলকীয় এলেকা হিচাপে চাব নোৱাৰি, বৰঞ্চ ক্ৰমান্বয়ে আন্তঃসংযোগী স্থান হিচাপেহে ইয়াক চাব পাৰি। আচলতে আমি ভাৰত মহাসাগৰক ইউৰোপৰ সৈতে বান্ধ খুৱাই ৰখা বাণিজ্য, প্ৰযুক্তি, শক্তি, তথ্য আৰু ধাৰণাসমূহৰ বাবে এক গুৰুত্বপূৰ্ণ কৰিডৰ ভাৰত-ভূমধ্যসাগৰৰ ব্যৱস্থাটোৰ উত্থানৰ সাক্ষী হৈ আছো। ঠিক এই আন্তঃসংযোগী স্থানৰ ভিতৰতে আমাৰ বন্ধন স্বাভাৱিকতে এক বিশেষ কৌশলগত অংশীদাৰিত্বলৈ বিকশিত হৈছে — যিয়ে দুখন মহাদেশক সেতুবন্ধন কৰিছে আৰু নতুন বিশ্ব গতিশীলতাক গঢ় দিছে।

এই প্ৰেক্ষাপটত ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰে (IMEC) আধুনিক পৰিবহণ আৰু আন্তঃগাঁথনি, ডিজিটেল নেটৱৰ্ক, শক্তি ব্যৱস্থা, আৰু স্থিতিস্থাপক যোগান শৃংখলৰ জৰিয়তে আমাৰ অঞ্চলসমূহক সংযোগ কৰাৰ লক্ষ্যৰে এক দৃষ্টিভংগীক প্ৰতিনিধিত্ব কৰে। ভাৰত আৰু ইটালীয়েও এই দৃষ্টিভংগীক বাস্তৱত পৰিণত কৰিবলৈ অন্যান্য অংশীদাৰৰ সৈতে একেলগে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

আমি আমাৰ দেশসমূহৰ মাজত গভীৰ অংশীদাৰিত্ব আৰু স্থায়ী সাংস্কৃতিক সম্পৰ্কৰ আধাৰত আমাৰ ভাগ-বাটোৱাৰা কৰা প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিব পাৰো। ভাৰতীয় সংস্কৃতিৰ ভিতৰত “ধৰ্ম”ৰ ধাৰণাটোৱে আমাৰ কৰ্মক পথ প্ৰদৰ্শন কৰিবলগীয়া দায়িত্ববোধৰ উদগনি দিয়ে, আনহাতে “বসুধৈৱ কুটুম্বকম”ৰ নীতি—পৃথিৱীখন এটা পৰিয়াল— এ এই আন্তঃসংযোগী ডিজিটেল যুগত শক্তিশালীভাৱে অনুৰণিত হৈছে।

এনে মূল্যবোধে নৱ জাগৰণৰ মাজত শিপাই থকা ইটালীৰ মানৱতাবাদী পৰম্পৰাত স্বাভাৱিক প্ৰতিধ্বনি বিচাৰি পাইছে, যিয়ে প্ৰতিগৰাকী ব্যক্তিৰ মৰ্যাদা তথা জনগোষ্ঠীসমূহ আৰু সমাজক একত্ৰিত কৰাৰ সংস্কৃতিক উজ্জ্বল কৰি তুলিছে। সেয়েহে আমাৰ একক দৃষ্টিভংগীৰ লক্ষ্য হৈছে সকলো কথাৰে কেন্দ্ৰত থকা আমাৰ জনসাধাৰণৰ সৈতে এক শক্তিশালী সম্পৰ্ক স্থাপনৰ লগতে আগন্তুক ভাৰত-ইটালী অংশীদাৰিত্বৰ ভেটি গঢ়ি তোলা।

You might also like