নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পীক শ্ৰদ্ধাঞ্জলি ড০ হিমন্ত বিশ্ব শৰ্মাৰ

দিল্লীৰ পৰা গুৱাহাটী আহি পোনে পোনে জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰি তেওঁ পুনৰ স্পষ্টকৈ জনায় যে জুবিন গাৰ্গৰ প্ৰকৃত সাংস্কৃতিক ঐতিহ্য কোনো ৰাজনৈতিক হস্তক্ষেপ নোহোৱাকৈ সংৰক্ষণ কৰাত চৰকাৰ বদ্ধপৰিকৰ।

কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীক তীব্ৰ আক্ৰমণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে জুবিন গাৰ্গৰ মৃত্যুক কেন্দ্ৰ কৰি বিৰোধী দলসমূহে কৰা “ৰাজনীতি”ৰ ফলতেই শেহতীয়া নিৰ্বাচনত বিজেপিয়ে ২০ শতাংশ অধিক ভোট লাভ কৰিবলৈ সক্ষম হৈছে।

জুবিন ক্ষেত্ৰ পৰিদৰ্শনৰ সময়ত সংবাদ মাধ্যমৰ সৈতে কথা পাতি মুখ্যমন্ত্ৰীয়ে কয় যে বিজেপিয়ে সচেতনভাৱে সিদ্ধান্ত লৈছিল যে জুবিন গাৰ্গ অথবা তেওঁৰ স্মৃতিক্ষেত্ৰক কোনো ধৰণৰ নিৰ্বাচনী ৰাজনীতিত ব্যৱহাৰ কৰা নহ’ব। সেই কাৰণেই তেওঁ নিৰ্বাচনৰ পূৰ্বে জুবিন ক্ষেত্ৰলৈ অহা নাছিল বুলি উল্লেখ কৰে।

“জুবিনক লৈ বিজেপিৰ স্থিতি একেবাৰে স্পষ্ট আছিল — আমি তেওঁৰ নামত ৰাজনীতি নকৰোঁ। কিন্তু কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলে তেওঁক ৰাজনীতিৰ মাজলৈ টানি আনিলে। জনসাধাৰণৰ হৃদয়ৰ অতি ওচৰৰ এজন শিল্পীক লৈ ৰাজনীতি কৰাৰ ফলত জনতাই উত্তৰ দিছে আৰু বিজেপিয়ে ২০ শতাংশ অধিক ভোট লাভ কৰিছে,” বুলি কয় মুখ্যমন্ত্ৰীয়ে।

নতুন দিল্লীৰ পৰা গুৱাহাটী আহি জাগীৰোডলৈ যোৱাৰ পথতে মুখ্যমন্ত্ৰীয়ে জুবিন ক্ষেত্ৰত উপস্থিত হয়। নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেওঁ প্ৰতিশ্ৰুতি দিছিল যে ভোটগ্ৰহণ শেষ হোৱাৰ লগে লগে তেওঁ স্থানটো পৰিদৰ্শন কৰিব।

লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে স্মৃতিক্ষেত্ৰৰ চৌহদ দেৱালৰ নিৰ্মাণ আৰু প্ৰস্তাৱিত স্মৃতিসৌধৰ কাম-কাজ পৰ্যবেক্ষণ কৰি মুখ্যমন্ত্ৰীয়ে কিংবদন্তি শিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

তেওঁ পুনৰ আশ্বাস দিয়ে যে চৰকাৰৰ লক্ষ্য হৈছে এক আধুনিক আৰু অত্যন্ত সুন্দৰ স্মৃতিক্ষেত্ৰ গঢ়ি তোলা, যিটো শীঘ্ৰেই বাস্তৱায়িত হ’ব। লগতে তেওঁ কয় যে, জুবিন গাৰ্গৰ প্ৰকৃত সাংস্কৃতিক চেতনাক ৰাজনৈতিক উদ্দেশ্যৰ পৰা আঁতৰাই সংৰক্ষণ আৰু সুৰক্ষা দিয়াত ৰাজ্য চৰকাৰে অভিভাৱকৰ ভূমিকা পালন কৰিব।

মুখ্যমন্ত্ৰীৰ সৈতে এই পৰিদৰ্শনত উপস্থিত আছিল জাগীৰোডৰ বিধায়ক পীয়ূষ হাজৰিকা, ডিমৰীয়াৰ বিধায়ক ড° তপন দাস আৰু আন কেইবাজনো চৰকাৰী বিষয়া।

ডিজিটেল ডেস্ক, ২০ মে’

You might also like